অবৈধ সম্পৰ্ক ৰখাৰ অজুহাতত বহিষ্কৃত পোহনীয়া কুকুৰ - pet-dog-abandoned-for-illicit-relationship-in-kerala
এক অদ্ভূত ঘটনা সংঘটিত হৈছে কেৰেলাত ৷ প্ৰতিৱেশী ঘৰৰ এটা কুকুৰৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অজুহাতত এটা পোহনীয়া কুকুৰক গৰাকীৰ দ্বাৰা বৰ্জন ৷
থিৰুৱন্তপুৰম, 24জুলাইঃ কেৰেলাৰ থিৰুৱন্তপুৰমত সংঘটিত এটা ঘটনাই চকু কপালত তুলিছে সকলোৰে ৷ চুবুৰীয়া ঘৰৰ কুকুৰ এটাৰ সৈতে বৰ্হিভূত সম্পৰ্ক ৰখাৰ বাবেই গৃহস্থই বৰ্জন কৰিলে নিজৰ পোহনীয়া কুকুৰটোক৷ প্ৰায় তিনি বছৰীয়া বগা পমেৰেনিয়ান প্ৰজাতিৰ কুকুৰ়টোক থিৰুৱন্তপুৰমৰ ৱল্ড মাৰ্কেটৰ সমীপৰ পৰা গৰাকীহীনভাৱে উদ্ধাৰ কৰে People For Animals (PFA) ৰ নামৰ এটি বন্যপ্ৰাণী সংস্থাৰ চামিন নামৰ এগৰাকী স্বেচ্ছাসেৱিকাই ৷ স্বেচ্ছাসেৱিকা গৰাকীয়ে জনোৱা মতে কুকুৰটোৰ ডিঙিত মালায়ালমত এটি টোকা লিখি থোৱা আছিল ৷ য'ত কুকুৰটোক ঘৰৰ পৰা বৰ্জন কৰাৰ মূল কাৰণ প্ৰতিৱেশী ঘৰৰ এটা কুকুৰৰ সৈতে অবৈধ সম্পৰ্ক বুলি স্পষ্টভাৱে উল্লেখ কৰা আছিল ৷
TAGGED:
Thiruvanthapuram news