অসম

assam

By

Published : Jul 24, 2020, 10:09 AM IST

ETV Bharat / bharat

ভাৰতীয় সেনাৰ মহিলা বিষয়াৰ বাবে স্থায়ী কমিচন জাৰি

ভাৰতীয় সেনাবাহিনীত মহিলা বিষয়াসকলক স্থায়ী কমিচন দিয়াৰ বাবে সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ এমাহৰ পিছত, অৱশেষত কেন্দ্ৰই মহিলা বিষয়াসকলক সেনাবাহিনীত মুখ্য ভুমিকা পালন কৰিবলৈ অনুমতি প্ৰদান কৰে, যাৰ বাবে চৰকাৰী সমৰ্থন পত্ৰ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে ৷

Permanent commission to women officers in Indian Army
ভাৰতীয় সেনাৰ মহিলা বিষয়াৰ বাবে স্থায়ী কমিচন জাৰি

নেশ্যনেল ডেস্ক, 24 জুলাই : যোৱা 17 ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্ত অনুসৰি, ভাৰতীয় সেনা বাহিনীত মহিলা সেনা বিষয়াসকলক পুৰুষৰ সমতুল্যভাৱে স্থায়ী কমিচন প্ৰদান কৰা হ’ব ৷ সেনা বিভাগত এই আদেশ পালনৰ হেতু সৰ্বোচ্চ ন্যায়ালয়ে সময়ৰ বিচৰাৰ পাচতে, কেন্দ্ৰই অনুমতি প্ৰদান কৰে ৷

এই কাৰ্যসূচীৰ সময়সূচী-

1990: মহিলা সেনা বিষয়াসকলে 14 বছৰৰ সময়সীমাৰ সৈতে নিৰাপত্তা বাহিনীৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছে ৷

2011: চৰকাৰে মহিলা নিৰাপত্তাৰক্ষীসকলক ন্যায়িক আৰু শিক্ষা বিভাগৰ তিনিটা সেৱাৰ স্থায়ী কমিচন প্ৰদান কৰে ৷

15.08.2018: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে, যুদ্ধবিহীন সেৱাৰ ক্ষেত্ৰত মহিলা বিষয়াসকল স্থায়ী কমিচনৰ বাবে যোগ্য হ’ব ৷

25.02.2019: চৰকাৰে 8 টা যুদ্ধ সমৰ্থিত পৰিসেৱা- অভিযন্তা, বিমান প্ৰতিৰক্ষা, সেনা বিমান, বৈদ্যুতিক আৰু কাৰিকৰী অভিযন্তা, সেনা সেৱা বাহিনী, সেনাবাহিনী অৰ্ডিনেন্স ক’ৰ্পছ আৰু চোৰাংচোৱা বিভাগত স্থায়ী কমিচনৰ আদেশ জাৰি কৰে ৷

31.10.2019: সেনা বাহিনীৰ Adjutant General Lieutenant জেনেৰেল অশ্বিনী কুমাৰে সদৰি কৰা মতে, মহিলা বিষয়া স্থায়ী কমিচনৰ মাধ্যমেৰে এক বিশেষ বিভাগত অন্তৰ্ভুক্ত হেৱাৰ পাচত, তেওঁলোকে বিভাগৰ বাবে প্ৰশিক্ষণ লাভ কৰিব ৷ মহিলাসকলৰ বাবে স্থায়ী আয়োগ 2020 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা খোলা থাকিব ৷

19.11.2019: মহিলাসকলৰ স্থায়ী কমিচনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়- উচ্চতম ন্যায়ালয়ে সেনাসকলক স্থায়ী কমিচনৰ 8 গৰাকী মহিলা সেনা বিষয়া নিযুক্তিৰ বাবে সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷ এই সিদ্ধান্তই 2010 চনত নিৰাপত্তা বাহিনীত তেওঁলোকৰ শোষণৰ নিষেধজ্ঞাৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতৰ সৈতে যোগাযোগ ৰাখিছিল ৷

17.02.2020: উচ্চতম ন্যায়ালয়ে শুনানি জাৰি কৰে যে, মহিলাসকলে সেনাৰ কামাণ্ডো পদত কাম কৰিব পাৰে ৷ ন্যায়ালয়ে চৰকাৰক আদেশ দিয়ে যে, চৰকাৰে যাতে স্থায়ী সেৱাৰ সম্প্ৰসাৰণ কৰে, যিটো এতিয়ালৈকে কেৱল পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল ৷ ইয়াৰ ফলত মহিলাসকলে পুৰুষ সহকৰ্মীৰ সমান্তৰালকৈ সুবিধা লাভ কৰিব পাৰিব, য’ত ৰেংক, পদোন্নতি আৰু পেঞ্চনো অন্তৰ্ভুক্ত হৈ আছে আৰু তেওঁলোকক দীঘলীয়া সময়লৈকে সেৱাত নিযুক্তিৰ অনুমতি প্ৰদান কৰা হ’ব ৷

07.07.2020: সৰ্বোচ্চ ন্যায়ালয়ে নিৰাপত্তা বাহিনীত যোগ্য মহিলা বিষয়াসকলক স্থায়ী কমিচনত নিযুক্তি দিয়াৰ বাবে 17 ফেব্ৰুৱাৰীত সিদ্ধান্ত গ্ৰহণৰ হেতু চৰকাৰক এমাহৰ সম্প্ৰসাৰণৰ অনুমতি দিয়ে ৷

23.07.2020: কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাত মহিলা বিষয়াসকলক স্থায়ী কমিচন দিয়াৰ বাবে এক সমৰ্থন পত্ৰ জাৰি কৰে, য’ত মহিলা বিষয়াসকলক উচ্চ ভূমিকা পালনৰ অধিকাৰ প্ৰদান কৰা হয় ৷

যুদ্ধৰ ভূমিকা হিচাপে মহিলাসকলৰ বিশ্বব্যাপী এক দৃষ্টি-

ইংলেণ্ড: 2018 চনত চৰকাৰে ঘোষণা কৰা অনুসৰি, মহিলাসকলক ব্ৰিটিছ নিৰাপত্তা বাহিনীত সকলো সেনা পদৰ ভূমিকা পালনৰ হেতু আবেদন দাখিল কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব, য’ত frontline infantry units আৰু the Royal Marinesও অন্তৰ্ভুক্ত হৈ আছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰ : সেনা বাহিনীৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিব বিচৰা মহিলাসকলৰ বাবে দুৱাৰ খুলিবলৈ আৰম্ভ কৰে ৷ 1976 চনৰ আৰম্ভণিতে মহিলাসকলক সকলো সেৱাৰ একাডেমীত ভৰ্তি কৰোৱা হয় ৷ 1977 চনত বুনিয়াদী প্ৰশিক্ষণৰ বাবে সকলো একেলগ হয় ৷ মহিলাসকলৰ বাবে সুকীয়া শাখাৰ প্ৰয়োজন হোৱা নাছিল ৷ সেইবাবে কংগ্ৰেছে 1978 চনত মহিলা সেনা বাহিনী ভাঙি দিয়ে ৷ 2015 চনত প্ৰতিৰক্ষা বিভাগে মহিলাসকলৰ ববে সকলো প্ৰতিৰক্ষামূলক চাকৰিৰ আবেদন মুকলি কৰে ৷

কানাডা: কানাডাত প্ৰায় 85 শতাংশ পুৰুষ সেনা ৷ কিন্তু 1989 চনৰ পৰা মহিলাসকলক দেশৰক্ষাৰ বাবে অনুমতি প্ৰদান কৰা হয় ৷ মহিলাসকলৰ Canadian fighting forceৰ 15 শতাংশ নিয়মীয়া বাহিনী আৰু প্ৰাথমিকৰূপে সংৰক্ষিত ৷ যুদ্ধৰ ভূমিকাত মহিলাসকলৰ সংখ্যা কম ৷ আনহাতে ব্ৰিটেইনৰ অধ্যয়ন অনুসৰি, কানাডিয়ান গৱেষণাই সদৰি কৰে যে, মহিলাসকল পৰিচালনা কৰা ভুমিকাৰ সলনি সহায়কৰূপে সেৱা কৰাৰ সম্ভাৱনা অধিক ৷

ৰোমানিয়া: ৰোমানিয়াৰ স্বয়ংসেৱী সেনাই মহিলাসকলক যুদ্ধ পদত নিযুক্তি প্ৰদান কৰে ৷ দেশখনে প্ৰায় 60 গৰাকী মহিলাক সংঘৰ্ষৰ বাবে ইৰাকলৈ প্ৰেৰণ কৰে ৷ আনহাতে, আফগানিস্তানত প্ৰায় 7 শতাংশ যুদ্ধ সদৃশ সেৱাত মহিলাসকল নিয়োজিত হৈ আছে ৷

ফ্ৰান্স: ফ্ৰান্সত 19 শতাংশ মহিলা সেনা কৰ্মী হিচাপে নিয়োজিত হৈ আছে ৷ ব্ৰিটেইনৰ গৱেষকে 2006 চনৰ পৰা সেৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সদৰি কৰে যে, 1.7 শতাংশ মহিলাই infantry soldiersৰ ভূমিকা পালন কৰি আছে ৷

জাৰ্মানী: 2001 চনত জাৰ্মানীত মহিলাসকলে ইউৰোপীয় ন্যায়ালয়ৰ সিদ্ধান্তৰ পাচত যুদ্ধ গোটত অন্তৰ্ভুক্ত হোৱা আৰম্ভ কৰিছিল ৷ মহিলাসকলে যিকোনো সেনা পদত অধিষ্ঠিত হ’ব পাৰে, য’ত মেৰিন কামাণ্ডো পদো অন্তৰ্ভুক্ত হৈ আছে ৷ জাৰ্মান নিৰাপত্তা বাহিনীত মহিলাৰ সংখ্যা 2001 আৰু 2014 চনৰ মাজত তিনিগুণ বৃদ্ধি পায়, য’ত প্ৰায় 800 গৰাকী মহিলা যুদ্ধ গোটত নিয়োজিত হৈ আছিল আৰু কিছুসংখ্যক মহিলা আফগানিস্তান যুদ্ধত অন্তৰ্ভুক্ত আছিল ৷

ডেনমাৰ্ক: 1998 চনৰ পাচত ডেনিছ সেনাত মহিলাসকলক সকলো পদত অনুমতি প্ৰদান কৰা হয় ৷ কিছুমান ডেনিছ গৱেষকে সদৰি কৰা অনুসৰি, পুৰুষসকলৰ সমান্তৰালকৈ মহিলাসকল সকলো প্ৰদৰ্শনতে পাৰ্গত ৷ ডেনমাৰ্কৰ মহিলাসকলে আফগানিস্তানত যুদ্ধ কৰিছে ৷

ইজৰাইল: 1990ৰ দশকৰ সময়ছোৱাত মহিলাসকলক ঘনিষ্ঠ যুদ্ধৰ ভূমিকাত নিয়োজিত কৰা হয় আৰু মহিলাসকলে 90 শতাংশ all defence rolesৰ বাবে যোগ্যতা লাভ কৰে ৷

দ্যা নেডাৰলেণ্ড:Marine Corps তথা Submarine Serviceত মহিলাসকল অনুমতি প্ৰাপ্ত নহয় ৷ কিন্তু অন্য যুদ্ধৰ বাবে প্ৰস্তুত কৰা পদত মহিলাসকলে আবেদন দাখিল কৰিব পাৰে ৷ অৱশ্যে যুদ্ধত পুৰুষসকল মহিলাসকলতকৈ আগবাঢ়ি আছে ৷ বিট্ৰিছ গৱেষণাত উল্লেখিত অনুসৰি, নেডাৰলেণ্ড সুৰক্ষা বাহিনীৰ সংকট-প্ৰতিক্ৰিয়া সঞ্চালন আৰু শান্তি অভিযানত পুৰুষ আৰু মহিলা উভয় পক্ষৰ পৰা সহায় পাব পাৰি ৷

নিউজিলেণ্ড: মহিলাসকলক নিৰাপত্তা বাহিনীৰ সকলো কামৰ বাবে 2001 চনৰ পৰা অনুমতি প্ৰদান কৰা হৈছে, য’ত infantry soldiersও অন্তৰ্ভুক্ত হৈ আছে ৷ কিন্তু এই যুদ্ধ মহিলাসকলে উচ্চ পৰ্যায়ত বাহাল ৰাখিব পৰা নাই ৷ ব্ৰিটেইনৰ গৱেষণাত উল্লেখ আছে যে, 2004 চনৰ মে’ মাহলৈ 9 গৰাকী মহিলা বন্দুকধাৰী, 3 গৰাকী মহিলা ৰাইফল অ’পাৰেটৰ আৰু এগৰাকী ফিল্ড ইঞ্জিনীয়াৰ আছিল ৷

পোলেণ্ড: মহিলাসকলক সকলো সেৱাত নিয়োজিত হ’বলৈ অনুমতি প্ৰদান কৰা হয় আৰু 2004 চনৰ পাচত দেশখনে অনিবাৰ্য সৈন্য সেৱাৰ বাবে পঞ্জীয়নকৰণৰ হেতু college nursing আৰু veterinary degreeৰ মহিলাসকলক নিয়োগ কৰে ৷ কিন্তু 1999 চনৰ পাচত মহিলাসকলক সৈনিক স্কুলত গ্ৰহণ কৰা হৈছিল ৷

ছুইডেন: ব্ৰিটেইনৰ অধ্যয়ন অনুসাৰে, 1989 চনৰ পাচত ছুইডিছ সেনাত কোনো লিংগ সমস্যা নাছিল ৷ ছুইডিছে কয় যে, যুদ্ধত ভুমিকা পালন কৰা মহিলাসকল, বিশেষকৈ যিসকলে আফগানিস্তানত সেৱাত ব্ৰতী আছে, তেওঁলোক অপাৰেশ্যনৰ বাবে সক্ৰিয় হৈ আছে ৷ তেওঁলোকে আত্মঘাতী বোমাৰ উদঘাটন কৰাত সঠিকৰূপে নেতৃত্ব বহন কৰিবলৈ সক্ষম হয় ৷

অষ্ট্ৰেলিয়া: 2011 চনৰ ছেপ্তেম্বৰ মাহত অষ্ট্ৰেলিয়াই মহিলাসকলৰ সেনা বাহিনীৰ পদসমূহৰ বাবে আবেদন জাৰি কৰে, যাৰ বাবে মহিলাসকলে আফগানিস্তান, infantry আৰু armoured unitত বিশেষ অপাৰেশ্যন গোটত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা লাভ কৰে ৷ মহিলাসকলক নৌসেনাৰ চালক হোৱাৰো অনুমতি প্ৰদান কৰা হয় ৷ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জুলিয়া গিলাৰ্ড উক্ত স্থিতিৰ প্ৰথম গৰাকী মহিলা আছিল, যিয়ে এই সিদ্ধান্তক সমৰ্থন কৰিছিল ৷

নৰৱে’: 1985 চনত নৰৱে’ NATOৰ প্ৰথমখন দেশ আছিল, য’ত মহিলাসকলক চাবমেৰিনসহ সমগ্ৰ যুদ্ধক্ষেত্ৰত সজ্জিত হোৱাৰ সুযোগ দিয়া হৈছিল ৷

লগতে পঢ়ক:ছেকটেং : ভূটানৰ সৈতে কূটনৈটিক সম্পৰ্ক স্থাপনৰ বাবে চীনৰ ন কৌশল !

ABOUT THE AUTHOR

...view details