আজাৰা,18মে':ইটোৰ পিছত আনটো আতংকত দেশবাসী ৷ কৰ'ণা ভাইৰাছৰ সমান্তৰালভাৱে দেশত এতিয়া 'আম্ফান'ৰ আতংক ৷ কাৰণ, বংগোপসাগৰেৰে আহি আছে 'আম্ফান' নামৰ ঘূৰ্ণী বতাহ ৷ দ্ৰুত গতিত অহা ঘূৰ্ণী বতাহ আম্ফানে ওড়িশা হৈ প্ৰৱেশ কৰি স্পৰ্শ কৰিব পশ্চিমবংগ আৰু বাংলাদেশক ৷ ইয়াৰ লগতে সাগৰীয় উপত্যকাত আম্ফানে ল'ব সংহাৰী ৰূপ ৷ সাগৰৰ ওপৰত থকা এই ঘূৰ্ণী বতাহৰ গতি প্ৰতি ঘণ্টাত 210ৰ পৰা 230 কি:মি: ৷ ইপিনে এই ঘূৰ্ণী বতাহৰ ফলত আজিৰে পৰা ওড়িশা, পশ্চিমবংগ, বাংলাদেশত অব্যাহত থাকিব বৰষুণ ৷ এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ লগতে জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ গতি হ্ৰাস পাব যদিও বিভিন্ন এলেকাক চুই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
জানিব পৰা মতে, 'আম্ফান'ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাত মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰ ৷ কেৰালাত ৰাজ্যখনৰ 13 খনকৈ সাগৰীয় উপকূলৰ কাষৰ জিলাক সতৰ্ক হ'বৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ৷ ইয়াৰ উপৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই (IMD) উপকূলীয় অঞ্চলসমূহত জাৰি কৰিছে সতৰ্কতা ৷ উল্লেখযোগ্য যে, পশ্চিমবংগ তথা ওড়িশালৈ ইতিমধ্যে এনডিআৰএফৰ ১৭টা কৈ দল প্ৰেৰণ কৰা হৈছে ৷ ইপিনে 'COVID-19' আৰু আম্ফান' দুয়োটাৰ বিৰুদ্ধে যুঁজিবলৈ এনডিআৰএফৰ 37 টাকৈ দল সাজু বুলিও উল্লেখ কৰিছে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰাধিকৰণ বিভাগে ৷