নিউজ ডেস্ক, 7 আগষ্টঃ সদনত জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক, 2019 গৃহীত হোৱাৰ পাচতেই জম্মু-কাশ্মীৰত বঢ়াই দিয়া হৈছে অতিৰিক্ত সুৰক্ষা ৷ অনুচ্ছেদ 370 তথা 35(A) প্ৰত্যাহাৰ কৰি জম্মু-কাশ্মীৰক বিধানমণ্ডলৰ সৈতে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ লগতে, লাডাখক বিধানমণ্ডল অবিহনে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰিছে কেন্দ্ৰই ৷ দেশৰ ইতিহাসত এইটোৱে প্ৰথম ঘটনা যাৰ দ্বাৰা কোনো এখন ৰাজ্যক দুভাগত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে ৷ ইতিমধ্যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈছিল অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত 10 হাজাৰ জোৱান ৷ বৰ্তমানে জম্মু-কাশ্মীৰত শান্তি-শৃংখলা অটুট ৰাখিবলৈ স্পৰ্শকাতৰ অঞ্চলসমূহত ধাৰা 144 জাৰি কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে সকলোধৰণৰ ইন্টাৰনেট আৰু ম'বাইল সেৱা ৷
জম্মু-কাশ্মীৰ সন্দৰ্ভত গৃহমন্ত্ৰালয়ক প্ৰতিবেদন দাখিল অজিত দোভালৰ
জম্মু-কাশ্মীৰ আৰু অনুচ্ছেদ 370ক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক সুৰক্ষাজনিত প্ৰতিবেদন দাখিল কৰিছে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে ৷ প্ৰতিবেদনখনত জম্মু-কাশ্মীৰবাসীয়ে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনোৱা বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীয়ে ৷
দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ নেতৃত্বত নিৰাপত্তা বাহিনীসমূহে নিজৰ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি আছে ৷ সোমবাৰৰ পৰাই ৰাজ্যখনত উপস্থিত থকা ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীয়ে ব্যক্তিগতভাৱে চোৱাচিতা কৰি আছে সুৰক্ষাৰ সকলো দিশ ৷ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকৰ সৈতে মঙলবাৰে এক সুৰক্ষাজনিত আলোচনাত মিলিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় অজিত দোভালে ৷ আলোচনাত সাধাৰণ জনতাৰ সুৰক্ষা নিশ্চিত কৰা আৰু কোনোধৰণৰ বিক্ষিপ্ত ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিভাগৰ সহযোগত নিৰাপত্তা বাহিনীসমূহক কাম কৰি যাবলৈ আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ৷
ৰাজ্যপালৰ সৈতে হোৱা আলোচনাৰ অন্তত কেন্দ্ৰীয় গৃহ বিভাগৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাগৰাকীয়ে ৷ প্ৰতিবেদনখনত জম্মু-কাশ্মীৰবাসীয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰি লোৱাৰ লগতে সমগ্ৰ অঞ্চলতে শান্তি-শৃংখলা অটুট থকাৰ কথা লিখিতভাৱে জনায় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালে ৷