বাড়মেৰ ,23 জুন : ৰাজস্থানৰ বাড়মেৰত দেওবাৰে বৰষুণৰ ফলত সংঘটিত হৈছে কৰুণ ঘটনা ৷ ধুমুহা বৰষুণৰ ফলত পেণ্ডেল খহি পৰাৰ ফলত প্ৰায় 14 জন লোকৰ মৃত্যু ৷ তথ্য অনুসৰি ধুমুহা বৰষুণৰ ফলত পেণ্ডেল ভাগি পৰাৰ ফলত পেণ্ডেলটোত বিদ্যুত বিয়পি পৰে ৷ ইয়াৰ ফলত কেইগৰাকীলোক বিদ্যুতস্পৃষ্ট হয় ৷ ঘটনাটোত আহত হয় 45 জনৰো অধিক লোক ৷
পানীত বিদ্যুত প্ৰৱাহিত হৈ প্ৰাণ গ'ল 14 জনৰ - ৰাজস্থান
ধুমুহা বৰষুণৰ ফলত পেণ্ডেল ভাগি পৰাৰ ফলত পেণ্ডেলটোত বিদ্যুত বিয়পি পৰে ৷ ইয়াৰ ফলত কেইগৰাকীলোক বিদ্যুতস্পৃষ্ট হয় ৷

-devotees
ৰাম কথা পেণ্ডেলত বিদ্যুতপৃষ্ঠ হৈ 15 গৰাকীৰ মৃত্যু
জানিব পৰা মতে পেণ্ডেলটোত ৰাম কথা চলি থকাৰ সময়তে সংঘটিত হয় ঘটনাটো ৷ ঘটনাৰ পাচতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে ৷ আহত সকলক নাহটা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ৷ অৱশ্যে অনুসন্ধানৰ পাচতে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷
Last Updated : Jun 23, 2019, 11:48 PM IST