নিউজ ডেক্স, 15 আগষ্টঃ 1947 চনৰ 15 আগষ্টত সমগ্ৰ দেশ স্বাধীনতাৰ আনন্দত মতলীয়া হৈ আছিল যদিও পশ্চিমবংগৰ (পুৰণি গৌড়বঙ্গৰ) কিছু অংশত সেইদিনা উৰা নাছিল ত্ৰিৰঙ্গা পতাকা, উৰিছিল পাকিস্থানৰ পতাকা ৷ সেই দিনা সেই অঞ্চলত বিৰাজ কৰিছিল উত্তেজনাময় পৰিবেশ, ঘোষণা কৰা হৈছিল সান্ধ্য আইন ৷ বহুজন ভাৰতপ্ৰেমীৰ প্ৰচেষ্টাত মালদা, দিনাজপুৰ আৰু মুৰ্শিদাবাদ অঞ্চল স্বাধীন হৈছিল 1947 চনৰ 18 আগষ্টত ৷ ETV Bharat ৰ এক সাক্ষাৎকাৰত মালদা জিলাৰ ইতিহাসৰ গৱেষক প্ৰৱীণ তুষাৰকান্তি ঘোষে কয় যে, মালদাৰ ইতিহাসত 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোক এক ট্ৰেজিক দিন বুলি ক'ব পাৰি ৷ তেওঁ সেই অঞ্চলৰ ইতিহাসৰ কথা ক'বলৈ তেওঁ লগতে কয়, ভাৰত বিভাজনৰ সময়ত 1946 চনৰ জনগণনা ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এই কথা ঠিক কৰা হৈছিল যে যি সমূহ অঞ্চল মুছলমান ধৰ্মৰ মানুহ সংখ্যাগৰিষ্ঠ সেই অঞ্চল সমূহ পাকিস্থানৰ লগত অন্তৰ্ভূক্ত হ'ব ৷ সেই অনুযায়ী 52.4% মুছলমান ধৰ্মৰ মানুহ থকা পশ্চিমবংগৰ মালদা জিলাক পাকিস্থানৰ লগত অন্তৰ্ভুক্ত হৈছিল ৷ কিন্তু স্বাধীনতাৰ সময়ত মালদা, দিনাজপুৰ আৰু মুৰ্শিদাবাদ জিলাৰ বহু ব্লকত হিন্দু সংখ্যাগৰিষ্ঠ আছিল ৷ সেই সমুহ অঞ্চলত পাকিস্থানক পতাকা উৰোৱা হোৱা নাছিল৷
15 আগষ্টই আজিও ত্ৰাসিত কৰে মালদাক - মালদা
দেশৰ আন অঞ্চলৰ লগত একেলগে স্বাধীন হোৱা নাছিল মালদা ৷ ইতিহাস সুৱঁৰিবলৈ এতিয়াও কোনো কোনো অঞ্চলত স্বাধীনতা দিৱস উদযাপন কৰে 18 আগষ্টত ৷
কিন্তু শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু নির্মলচন্দ্ৰ চট্টোপাধ্যায়ৰ নেতৃত্বত এটা দলে ৰেডক্লিফৰ ওচৰলৈ গৈ প্ৰমাণ কৰি দেখুৱাইছিল যে, মালদা জিলাক যদি এটা ব্লক হিচাপে ধৰা যায় তেন্তে ই কেতিয়াও পাকিস্থানৰ অন্তৰ্ভূক্ত হ'ব নোৱাৰে ৷ ইয়াৰ পাছতেই এই বিষয়ক লৈ যথেষ্ট বিতৰ্ক আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ 17 আগষ্টত ৰেডক্লিফ কমিছনে পুনৰ এক ৰিপৰ্টৰ জৰিয়তে জনায় যে মালদাক দুটা ভাগত বিভক্ত কৰা যাব আৰু এটা ভাগ ভাৰতৰ লগত আৰু এটা ভাগ পাকিস্থানৰ লগত অন্তৰ্ভুক্ত হ'ব ৷ এই ঘটনাৰ পাছতেই মালদাৰ জিলা শাসকে জিলা এৰি গুছি যায় ৷ প্ৰশাসনিক ভৱনৰ এজন ৰক্ষীয়ে পাকিস্থানৰ পতাকা নমালেই গুলী কৰিম বুলি কোৱাৰ পাছত আৰু জিলাখনত এক অশান্তিকৰ পৰিস্থিতি বিৰাজ কৰে আৰু সান্ধ্যআইন ঘোষণা কৰা হয় ৷ কিছুদিনৰ পাছতে অশোক মিত্ৰ জিলাশাসক হৈ আহে ৷ তেখেতেই যি সমূহ অঞ্চলত পাকিস্থানৰ পতাকা আছিল , সেই অঞ্চল সমূহৰ পৰা পাকিস্থানৰ পতাকা নমাই ভাৰতৰ পতাকা উত্তোলন কৰিছিল ৷ অঞ্চলটোত এতিয়া 15 আগষ্টতেই স্বাধীনতা দিৱস পালন কৰা হয় যদিও ইতিহাসক সজীৱ কৰি ৰখাৰ স্বাৰ্থত কোনো কোনো অঞ্চলত 18 আগষ্ট তাৰিখেও স্বাধীনতা দিৱস পালন কৰা হয় ৷