অসম

assam

ETV Bharat / bharat

চীনা সামগ্ৰী বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা - নেতা ওমৰ আব্দুলা

চীনা সামগ্ৰীৰ বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা ৷ নেতাগৰাকীয়ে আইপিএলত চীনা বিজ্ঞাপন দিয়াৰ বিৰোধিতা কৰি কয় যে, এই চীনা সামগ্ৰী বৰ্জনৰ আদেশ পোৱাৰ পাছতো একাংশই বৰ্তমানেও চীনা বিজ্ঞাপনৰ ব্যৱহাৰ কৰি আছে বুলি উল্লেখ কৰে ৷

People boycott Chinese products, IPL retains Chinese sponsors: Omar
চীনা সামগ্ৰী বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা

By

Published : Aug 3, 2020, 10:35 AM IST

নিউজ ডেস্ক,3 আগষ্ট:চীনা সামগ্ৰীৰ বৰ্জনৰ বাবে সৰৱ জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলা ৷ দেওবাৰে জাতীয় সন্মিলনৰ নেতা ওমৰ আব্দুলাই উল্লেখ কৰে যে,প্ৰতিবেশী দেশ লাডাখত আগ্ৰাসনৰ সময়ত লোকসকলে যেতিয়া চীনা সামগ্ৰী বৰ্জন কৰিছিল,তেতিয়া আইপিএল, ক্ৰিকেট টুৰ্ণামেন্টত চীনা স্পনচাৰসকলক টুৰ্ণামেন্টত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

চীনৰ ম'বাইল কোম্পানীৰ বিজ্ঞাপনে আইপিএলৰ শিৰোনাম দখল কৰি আছে ৷ জনসাধাৰণক চীনা সামগ্ৰী বৰ্জন কৰাৰ আদেশ দিয়াৰ পাছতো আইপিএলৰ শিৰোনাম দখল কৰি থাকে চীনা বিজ্ঞাপনে ৷ নেতাগৰাকীয়ে কয় আমি বিভ্ৰান্ত হও এটা কথাটেই যে,যদি টুৰ্ণামেন্টত চীনা স্পনচাৰ,বিজ্ঞাপন থাকিব পাৰে তেন্তে চীনা সামগ্ৰী বৰ্জনৰ আদেশ আমাক কিয় লাগে ? চীনে আমাক ধ্বংসৰ গৰাহলৈ লৈ গৈছে বুলি টুইটাৰযোগে উল্লেখ কৰে নেতা ওমৰ আব্দুলাই ৷

অন্য এক খবৰৰ বাবে:ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব অযোধ্যা ৰে’লৱে ষ্টেচন

জন্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,ইণ্ডিয়ান প্ৰীমিয়াৰ লীগে চীনা স্পনচাৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ লৈ বহু প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল ৷ সংযুক্ত আৰৱ অমীৰতত আয়োজিত হ'ব লগা এখন কাৰ্যসূচীতো চীনা ম'বাইল কোম্পানী VIVOৰ সৈতে কাৰ্যসূচীখনৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷ যিটো সময়ত সমগ্ৰ বিশ্বত চীনা সামগ্ৰী বৰ্জনৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছিল ৷

ইয়াৰ উপৰিও নেতাগৰাকীয়ে কয় বিচিচি আই, আইপিএলত চীনৰ স্পনচাৰসকলক ৰখাৰ সিদ্ধান্তৰ বিৰোধিতা নকৰি কিছু লোকে নিজ ঘৰৰ বাৰাণ্ডাতে চীনা টিভিকে ভাঙি পেলাই,যিটো মোৰ মুৰ্খামিৰ কাম যেন লাগে ৷

অন্য এক খবৰৰ বাবে:শিলচৰত উত্তেজনাময় পৰিৱেশ

নেতাগৰাকীয়ে অন্য এক টুইটৰ জৰিয়তে কয় যে,আমি সদায়েই আদেশ হে পাও চীনা সামগ্ৰী বৰ্জন কৰাৰ ৷ কিন্তু হাতে-কামে ইয়াক ব্যৱহাৰ কৰা পৰিলক্ষিত হে নহয় ৷ চীনা সামগ্ৰী বৰ্জন কৰি আমি চীনক উচিত প্ৰত্যুত্তৰ দিব পাৰিম ৷ চীনৰ বাবে বিশ্বৰ বহু সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ ৷

ABOUT THE AUTHOR

...view details