অসম

assam

ETV Bharat / bharat

তিনিমাহৰ বেতন লাভ নকৰা চিকিৎসকৰ সমূহীয়া পদত্যাগৰ হুংকাৰ - MCDA

দিল্লীৰ নগৰ নিগমৰ ডাক্তৰ এছ'চিয়েছন (MCDA)য়ে দুখন পৌৰ হাস্পতালৰ আবাসিক চিকিৎসকক সমৰ্থন আগবঢ়াই । আবাসিক চিকিৎসকসকলে বিগত মাৰ্চৰ পৰা বেতন লাভ নকৰা বুলি কৰা অভিযোগৰ ভিত্তিতে চিকিৎসক সকলক এসপ্তাহৰ ভিতৰত বেতন প্ৰদান কৰাৰ দাবী জনাই সংগঠনটোৱে । নহ'লে চিকিৎসক সকলে সমূহীয়া পদত্যাগ কৰিব বুলিও হুংকাৰ দিয়ে নগৰ নিগমৰ ডাক্তৰ এছ'চিয়েছন (MCDA)য়ে ।

দিল্লী
দিল্লীত তিনিমাহৰ বেতন লাভ নকৰা চিকিৎসকৰ সমূহীয়া পদত্যাগৰ হুংকাৰ

By

Published : Jun 13, 2020, 1:11 PM IST

নিউজ ডেস্ক, ১৩ জুনঃ দিল্লীৰ এটা চিকিৎসা সংস্থাই শুকুৰবাৰে সমৰ্থন আগবঢ়াই দুখন পৌৰ হাস্পতালৰ ( Resident doctors)আবাসিক চিকিৎসকক । পৌৰ হাস্পতালৰ চিকিৎসকক সমৰ্থন আগবঢ়াই সংগঠনটোৱে তিনি মাহৰ পৰা বেতন লাভ নকৰা চিকিৎসকসকলক এক সপ্তাহৰ ভিতৰত বেতন দিবলৈ দাবী জনাই নহ'লে আটাইকেইজন চিকিৎসকে সমূহীয়া পদত্যাগ কৰিব বুলিও সদৰি কৰে ।

ঘটনা সন্দৰ্ভত নগৰ নিগম ডাক্তৰ এছ'চিয়েছন (MCDA) য়ে দিল্লীৰ উপ-ৰাজ্যপাল অনিল বেজলৈ পত্ৰ প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ দাবী জনাই । আনহাতে, ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ প্ৰেৰণ কৰে সংগঠনটোৱে । তাৰোপৰি, দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বিষয় সন্দৰ্ভত জনহিতাৰ্থে এখন আৱেদন দাখিল কৰে ।

দিল্লীত তিনিমাহৰ বেতন লাভ নকৰা চিকিৎসকৰ সমূহীয়া পদত্যাগৰ হুংকাৰ

উল্লেখ্য যে, ৪৫০ খন বিছনাযুক্ত এনডিএমছি হাস্পতাল আৰু হিন্দু ৰাও হাস্পতালৰ চিকিৎসকসকলে বিগত মাৰ্চ মাহৰ পৰা বেতন লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details