নিউজ ডেস্ক , ১৪ জানুৱাৰী : বৃহস্পতিবাৰে হঠা অসুস্থ হৈ পৰে কেইবাদিনো ধৰি নজৰবন্দী হৈ থকা চিনিয়ৰ পিপলছ ডেমোক্ৰেটিক পাৰ্টি ( পিডিপি)ৰ জ্য়েষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী নাইম আখটাৰ । প্ৰায় ২০ দিন ধৰি বিধায়ক আৱাসত গৃহবন্দী কৰি ৰখা নেতাজন অচেতন হৈ পৰাত লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় ।
পিডিপি দলৰ মুখপাত্ৰ নাজমু ছাকিবে ইটিভি ভাৰতক জনোৱা মতে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত খাইবাৰ হাস্পতালত ভৰ্তি কৰোৱা হয় নেতাগৰাকীক । তেওঁৰ স্বাস্থ্য় সম্প্ৰতি পূৰ্বতকৈ ভাল যদিও বৰ্তমান হাস্পতালতে ৰখা হ'ব বুলিও ক'লে মুখপাত্ৰ গৰাকীয়ে । ইফালে অসুস্থ নেতা গৰাকীৰ জীয়ৰীয়ে টুইটত উল্লেখ কৰা মতে হাস্পতালত লৈ যোৱাৰ পূৰ্বে নেতাজন ৪০ মিনিট সময় অচেতন অৱস্থাত পৰি আছিল ।