নিউজ ডেস্ক, 25 অক্টোৱৰ: আজি ঘোষিত হ'ল মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ য'ত মহাৰাষ্ট্ৰত শেষ হাঁহি মাৰিলে বিজেপি-শিৱসেনা মিত্ৰজোঁটে ৷ মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনা মিত্ৰজোঁট চৰকাৰ পুনৰ ক্ষমতালৈ আহিল যদিও পিছপৰি নাথাকিল এনচিপি ৷ বিজেপিয়ে 105 খন আসন, শিৱ সেনায়ে 56 খন আসন পোৱাৰ বিপৰীতে 2014 চনতকৈ ভাল ফলাফল দেখুওৱাই মুঠ 98 খন আসন নিজৰ দখললৈ নিলে এনচিপি মিত্ৰজোঁটে ৷
এনচিপিৰ এই সফলতাৰ আঁৰত এজন ব্যক্তিৰ অৰিহণা অস্বীকাৰ কৰিব নোৱাৰি ৷ সেইজন হ'ল এনচিপিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ শাৰদ পাৱাৰ ৷ জনতাৰ প্ৰতি তেওঁৰ যি নিষ্ঠা আৰু স্নেহ, এনচিপিৰ সফলতাৰ আঁৰত তেখেতৰ সেইসমূহ গুণৰ ভূমিকা যথেষ্ট ৷ যোৱা শুক্ৰবাৰে সাতাৰাত অনুষ্ঠিত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি জনতাৰ প্ৰতি থকা তেওঁৰ সেই সততা, নিষ্ঠা আৰু প্ৰেমৰেই প্ৰমাণ দিলে তেওঁ ৷ ধাৰাষাৰ বৰষুণৰ সত্বেও 79 বছৰীয়া নেতাজনে কংগ্ৰেছৰ হৈ যিদৰে প্ৰচাৰ চলালে সি বহু পৰিমাণে দলৰ আন আন নেতাসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিলে ৷ পাৱাৰৰ সেই মৰমৰ প্ৰত্যুত্তৰ দিলে জনতায়ে ৷ আজি মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফলত প্ৰতিফলিত হ'ল জনতাৰ পাৱাৰৰ প্ৰতি থকা মৰম আৰু সহানুভুতি ৷
শাৰদ পাৱাৰ যিহেতু নিজেও এজন খেতিয়ক পৰিয়ালৰ সন্তান, সেয়েহে মহাৰাষ্ট্ৰৰ গ্ৰাম্যাঞ্চলৰ লোকসকলৰ লগতো তেওঁৰ এক সূদৃঢ় সম্পৰ্ক আছে ৷ যিয়ে তেওঁক দুখীয়া জনতাৰ সমস্যাসমূহ পুংখানুপুংখভাৱে বুজাত বহু পৰিমাণে সহায় কৰিছে ৷
সদায় জনতাৰ সমস্যাৰ কথা আলোচনা কৰে পাৱাৰে ৷ আৱেগিক কৰি জনসাধাৰণৰ পৰা ভোট ভিক্ষা কৰাৰ পৰিৱৰ্তে সদায় ব্যৱহাৰিক দৃষ্টিৰে সমস্যা সমূহৰ সমাধান বিচৰা এজন ব্যক্তি হ'ল পাৱাৰ ৷ আয়তকৈ অধিক সম্পত্তি, ডাঙৰ ব্যৱসায়ী সকলৰ সৈতে সম্পৰ্ক ইত্যাদিবোৰ বিতৰ্কৰ সত্বেও এই ফলাফলে যেন মঁচি পেলাবলৈ সক্ষম হৈছে তেওঁৰ সেই সমূহ বিতৰ্ক ৷