অসম

assam

ETV Bharat / bharat

অবিশ্বাস্য! কণী আৰু অমলেটৰ বাবদ 1700 টকা - বৃহৎ পূঁজিপতি

মুম্বাইস্থিত দেশৰ আগশাৰীৰ হোটেল ফ'ৰ ছিজনছত সংঘটিত হৈছে এক অবিশ্বাস্য ঘটনা ৷ দুটাকৈ সিজোৱা কণীৰ বাবদ 1700 টকাৰ বিল ধাৰ্য কৰে হোটেলখনে ৷ কাৰ্তিক ধৰ নামৰ গ্ৰাহকজনে লাভ কৰা বিলখনত সিজোৱা কণীৰ ওপৰিও অমলেট আৰু অন্যান্য সামগ্ৰীৰ বাবদ মূল্য দেখিলে চকু কপালত উঠিব আপোনাৰ ৷

অবিশ্বাস্য! কণী আৰু অমলেটৰ বাবদ 1700 টকা

By

Published : Aug 12, 2019, 6:35 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ মুম্বাইৰ আগশাৰীৰ হোটেল ফ'ৰ ছিজনছ হোটেলে এগৰাকী গ্ৰাহকক দিয়ে সৰ্বমুঠ 6938.40 টকাৰ এখন বিল ৷ বিলখনৰ কথা শুনিলে এয়া সাধাৰণ যেনেই লাগিব কিয়নো আগশাৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত এনেকুৱা বিল তেনেই সাধাৰণ ৷ কিন্তু ভবাৰ দৰেই নহয় বিলখনৰ প্ৰকৃতি, কিয়নো এইখন এখন সাধাৰণ বিল নহয় ৷ বিলখনত সৰ্বমুঠ 9 বিধ খাদ্যসামগ্ৰীৰ মূল্য খোদিত আছিল আৰু খাদ্যসামগ্ৰীৰ ভিতৰত আছিল সিজোৱা কণী, অমলেট, ক'ক আৰু অন্যান্য খাদ্য-সামগ্ৰী ৷ কাৰ্তিক ধাৰ নামৰ গ্ৰাহকগৰাকীয়ে লাভ কৰা বিলখনত অন্যান্য খাদ্যৰ বাবে 5100 টকা লিখা আছিল যদিও অমলেট আৰু সিজোৱা কণীৰ বাবদ বিল আহিছিল ক্ৰমে 850 টকাকৈ সৰ্বমুঠ 1700 টকা ৷ আচৰিত যেন লাগিলেও এয়াই সত্য যে, গ্ৰাহকজনে দুটাকৈ সিজোৱা কণী আৰু দুটাকৈ অমলেটৰ বাবে ক্ৰমে 1700কৈ টকা দিবলগা হয় ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে অভিনেতা ৰাহুল বোসে চণ্ডীগড়ৰ এখন হোটেলত দুটা কলৰ বাবে 442 টকাৰ বিল ভৰিব লগা হৈছিল ৷ ইয়াৰ পিচতে ফেডাৰেশ্বন অৱ হোটেল এণ্ড ৰেষ্টুৰেন্ট এছ'শ্বিয়েছন অৱ ইণ্ডিয়া (Federation of Hotel and Restaurant Associations of India) অতিৰিক্ত দামৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল ৷ কিন্তু পুনৰ একেই ঘটনাই পুনৰাবৃত্তি হয় মুম্বাইৰ হোটেলত ৷ কিন্তু এইদৰেই বৃহৎ বৃহৎ পূঁজিপতিৰ দ্বাৰা পৰিচালিত উদ্যোগসমূহে সাধাৰণ গ্ৰাহকৰ পৰা লুটি আছে ধন ৷ এয়াই হৈছে বৰ্তমান সময়ত তথাকথিত আধুনিকতাৰ একমাত্ৰ স্বৰূপ ৷

ABOUT THE AUTHOR

...view details