নিউজ ডেস্ক, 3 জুনঃবিহাৰৰ সুৰা অধিনিয়ম ভংগ কৰা অপৰাধত গ্ৰেপ্তাৰ হোৱা তিনিগৰাকী অভিযুক্তক এক বিশেষ চৰ্তত জামিন প্ৰদান কৰে পাটনা উচ্চ ন্যায়ালয়ে ৷ বুধবাৰে পাটনা উচ্চ ন্যায়ালয়ে তিনিগৰাকী অভিযুক্তক এইদৰে বিশেষ চৰ্ত ৰাখি জামিন প্ৰদান কৰে ৷
বিহাৰৰ সুৰা অধিনিয়ম ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা তিনিওগৰাকী অভিযুক্তক 5হাজাৰৰ পৰা 25হাজাৰৰ আৰ্থিক অনুদানৰ চৰ্তত জামিন প্ৰদান কৰে পাটনা উচ্চ ন্যায়ালয়ে ৷ তিনিওগৰাকী অভিযুক্তৰ পৰা জব্দ কৰা সুৰাৰ পৰিমাণক ভিত্তি কৰি প্ৰদান কৰা চৰ্তত এইদৰে জামিন প্ৰদান কৰে পাটনা উচ্চ ন্যায়ালয়ে ৷
দৰাচলতে এই চৰ্ত আছিল কোভিড-19 মহামাৰীৰ সময়ত গঠন কৰা প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ প্ৰদান কৰা আৰ্থিক অনুদানৰ ওপৰত ৷ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অঞ্জানী কুমাৰ ছৰনে সন্তোষ চাহানী নামৰ লোকজনক প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আৰ্থিক অনুদান প্ৰদান কৰাৰ চৰ্ত ৰাখি বিগত মাহতে জামিন আবেদন মঞ্জুৰ কৰে ৷ 2016 চনত বিহাৰত কাৰ্যকৰী হোৱা সুৰা অধিনিয়ম অনুসৰি ৰাজ্যখনত সুৰাৰ বিক্ৰী আৰু সেৱনত বাধা প্ৰদান কৰা হৈছিল আৰু সন্তোষ চাহানীয়ে বিগত 18 জানুৱাৰীৰ পৰাই এই অধিনিয়ম ভংগ কৰি জেলত আছিল ৷
ন্যায়াধীশ ছৰনে তেওঁৰ জামিন নিৰ্দেশনাত 20হাজাৰ টকা অগ্ৰিম জমানত অতিৰিক্ত জিলা ন্যায়াধীশ দ্বিতীয় আৰু বিশেষ ন্য়ায়াধীশ আৱকাৰী, সমষ্টিপুৰত জমা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷ আৱকাৰী বিভাগৰ গোচৰ সংখ্যা 28.2020ৰ অধীনত এইদৰে জামিনৰ চৰ্ত প্ৰদান কৰে ছৰনে ৷ এইখিনি জমানত ধনৰ প্ৰতিলিপি সংশ্লিষ্ট ন্যায়ালয়ত প্ৰদান কৰি তাৰে 5হাজাৰ টকা প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিত জমা কৰিলে জামিন আবেদন লাভ কৰিব বুলি কয় ন্যায়াধীশ অঞ্জানী কুমাৰ ছৰনে ৷
পাটনা উচ্চ ন্যায়ালয়ে একেধৰনে আন এক গোচৰতো ৰমেশ নামৰ অভিযুক্তগৰাকীক প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ 25হাজাৰ টকা জমা কৰাৰ পিচতে জামিন প্ৰদান কৰিছিল ৷ একেদিনাই উচ্চ ন্যায়ালয়ে মুন্না মিয়া নামৰ এগৰাকী গাড়ীচালকক 5হাজাৰ টকা প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিত জমা কৰাৰ চৰ্তত জামিন প্ৰদান কৰিছিল ৷