নিউজ ডেস্ক, ৩০ জুন :যোগগুৰু বাবা ৰামদেবে কোভিড-১৯ ৰ চিকিৎসাৰ বাবে কৰ'নিল নামৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ পিচতে আয়ুস মন্ত্ৰালয়ৰ ফালৰ পৰা ঔষধৰ প্ৰচাৰ আৰু বিজ্ঞাপন বন্ধ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল । লগতে ঔষধ প্ৰস্তুত কৰাৰ সকলো নীতি-নিয়মৰ লগতে দস্তাবেজ জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছিল । উক্ত নিৰ্দেশনাৰ পিচতে পতঞ্জলীয়ে বৰ্তমান কথা সলাই কৰ'নিলে ইউমিনিটি বঢ়োৱাৰ কামহে কৰিব, কোভিড-১৯ ৰ ঔষধ নহয় বুলি স্পষ্টীকৰণ দিয়ে ।
আচাৰ্য বাল কৃষ্ণই জনোৱা অনুসৰি, আমাৰ কোম্পানীয়ে কোনো ধৰণৰ কোভিড-১৯ ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী তোলা নাই । আমি ইউমিনিটি বঢ়োৱাৰ অনুজ্ঞাপত্ৰহে পাইছো । গতিকে প্ৰস্তুত কৰা কৰ'নিলে নাগৰিকৰ ইউমিনিটি বঢ়াব বুলিহে উল্লেখ কৰে । লগতে তেওঁ পুনৰ জনাই যে, এয়া আমাৰ Three Covid 19 at Goreswar নষ্ট কৰাৰ চেষ্টা । আমি এই কৰ'নিলক পুনৰ পৰীক্ষা কৰাৰ বাবে সাজু ।