নতুন দিল্লী, 28 ফেব্ৰুৱাৰীঃ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত বোমা থকাৰ সন্দেহত শুকুৰবাৰে দাদৰীত ৰখাই দিয়া হৈছিল ৰেলখন ৷ সুৰক্ষা কৰ্মীক একাংশ যাত্ৰীয়ে ৰেলখনত 5 টা বোমা আছে বুলি জনোৱাৰ পিচত সুৰক্ষাৰ খাতিৰত ৰখাই পৰীক্ষা কৰা হয় ৰেলখনৰ সকলে ডবা ৷
ৰেলখনৰে যাত্ৰা কৰা সঞ্জীৱ সিং গুৰজাৰ নামৰ এজন যাত্ৰীয়ে ৰেলখনত 5 টা বোমা আছে বুলি টুইটাৰত টুইট কৰাৰ পিচতে হুৱা দুৱা লাগে ৰেলখনৰ সুৰক্ষা কৰ্মীৰ মাজত ৷ ইয়াৰ পিচতে ৰেলখন ৰখাই তন্নতন্নকৈ পৰীক্ষা কৰে সুৰক্ষাকৰ্মীসকলে ৷ উল্লেখ্য যে,যাত্ৰীজনৰ টুইটটো পোৱাৰ পিচতে তাৎক্ষণিকভাৱে ৰেলখন দাদৰীত ৰখাই ৰেল বিভাগৰ উচ্চপদস্থ বিষয়া সকলক ৰেল আৰক্ষীৰ সহায়ত পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কেন্দ্ৰীয় ৰেলবিভাগৰ আৰক্ষী অধীক্ষকে ৷