নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ: কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বলে শুকুৰবাৰে এক বিবৃত্তিযোগে প্ৰকাশ কৰে যে, ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছে । ধৃত যাত্ৰীজনৰ পৰা চি আই এছ এফে ৭.৬৫ মিলিমিটাৰৰ ২০টা সজীৱ গুলী জব্দ কৰে । বিমানবন্দৰৰ টাৰ্মিনেল-২ত প্ৰি- এম্বাৰকেছন নিৰাপত্তা তালাচীৰ সময়ত এক্স-বি আই এছ যন্ত্ৰৰ জৰিয়তে চি আই এছ এফে ঔৰংগাবাদলৈ যাবলগীয়া এগৰাকী যাত্ৰীৰ হেণ্ডবেগত ২০টা সজীৱ গুলী থকাৰ তথ্য লাভ কৰে ।
দিল্লী বিমানবন্দৰত সজীৱ গুলীসহ এজনক গ্ৰেপ্তাৰ - সজীৱ গুলী
চি আই এছ এফে দিল্লী বিমানবন্দৰত সজীৱ গুলীসহ এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰে । অস্ত্ৰ আইনৰ অধীনত যাত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ।
দিল্লী বিমানবন্দৰত সজীৱ গুলীসহ এজন যাত্ৰীক গ্ৰেপ্তাৰ
তদন্তৰ সময়ত যাত্ৰীজনে উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰা অসমৰ্থ হয় । চি আই এছ এফে যাত্ৰীজন আৰু জব্দকৃত গুলীখিনি দিল্লী আৰক্ষীৰ হাতত চমজাই দিয়ে । অস্ত্ৰ আইনৰ অধীনত যাত্ৰীগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।
লগতে পঢ়ক:বিশ্ব ভাৰতী বিশ্ববিদ্য়ালয়ৰ মাটি বেদখল অমৰ্ত্য় সেনৰ !