নেশ্যনেল ডেস্ক, 18 এপ্ৰিলঃ উত্তৰ কলকাতাৰ বৃহৎ অঞ্চল আৰু মধ্য কলকাতাৰ কিছু অংশ কলকতা আৰক্ষীয়ে শুকুৰবাৰে ছীল কৰি দিয়ে । মধ্য কলকাতাৰ ছীল হোৱা অংশৰ ভিতৰত কেবাটাও বস্তি অঞ্চল আছে । এই অঞ্চলসমূহৰ পৰা কেবাটাও COVID-19ৰ কেচ পোহৰলৈ আহিছে ।
এই ক্ষেত্ৰ সমূহৰ আশে-পাশে সকলো ৰাস্তা আৰু গলি আৰক্ষীৰ দ্বাৰা বন্ধ কৰি দিয়া হৈছে যাতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যাতে শক্তিশালী স্থিতি ল'ব পাৰে তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে ।
অঞ্চলসমূহৰ চাৰিওকাষ সুৰক্ষা বেষ্টনী আৰু বেৰিকেটেৰে আবৰি পেলোৱা হৈছে । বাহিৰৰ অঞ্চলৰ পৰা কোনো লোক যাতে সেই স্থান সমূহলৈ যাব নোৱাৰে আৰু সেই স্থানৰ পৰাও যাতে কোনো লোক ওলাব নোৱাৰে তাৰ বাবে প্ৰসাশনে ব্যৱস্থা গ্ৰহণ কৰিছে ।