অসম

assam

By

Published : Sep 2, 2020, 1:55 PM IST

ETV Bharat / bharat

মুম্বাইত সাতমহলীয়া অট্টালিকা খহি আবদ্ধ এগৰাকী লোক

মুম্বাইৰ চৰ্দাৰ বল্লভ ভাই পেটেল ৰোডৰ ডংগৰী অঞ্চলত পুৱা ৭.৩০ বজাৰ ভিতৰত এটা সাত মহলীয়া অট্টালিকা খহি পৰাৰ ফলত এগৰাকী লোক আবদ্ধ হৈ পৰে এগৰাকী মহিলা । উদ্ধাৰ অভিযান অব্যাহত আছে ।

খহি পৰা অট্টালিকাটোত উদ্ধাৰ অভিযান অব্যাহত
খহি পৰা অট্টালিকাটোত উদ্ধাৰ অভিযান অব্যাহত

নেশ্যনেল ডেস্ক, ২ ছেপ্তেম্বৰঃবুধবাৰে পুৱাৰ ভাগত মুম্বাইৰ আৱাসিক এলেকাৰ এটা আঠমহলীয়া অট্টালিকাৰ পিছফালৰ অংশ হঠাত খহি পৰাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হয় । জানিব পৰা অনুসৰি, অট্টালিকাটো খহি পৰাৰ ফলত অট্টালিকাটোৰ ভিতৰত থকা এগৰাকী মহিলা চিৰিৰ খটখটীৰ তলত আবদ্ধ হৈ পৰে । এই কথা জনায় মুম্বাই চৰকাৰৰ এজন বিষয়াই ।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে এট্টালিকাটোত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনী,মুম্বাই আৰক্ষীৰ এটা দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ।

এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ চৰ্দাৰ বল্লভ ভাই পেটেল ৰোডৰ ডংগৰী অঞ্চলত । পুৱা ৭.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা । আঠমহলীয়া অট্টালিকাটোৰ পিছফালৰ তৃতীয় মহলা আৰু সপ্তম মহলাৰ মাজৰ অংশ হঠাত ভাগি পৰে । এই কথা জানিবলৈ দিয়ে এগৰাকী বিষয়াই ।

আনহাতে অট্টালিকাটোত খটখটীৰ তলত আবদ্ধ হৈ থকা মহিলাগৰাকীক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।

ইফালে পুৱাৰ ভাগত আন এটা ১০ বছৰ পুৰণি চাৰিমহলীয়া অট্টালিকা খহি পৰে মুম্বাইৰ নালাছপাৰা আৱাসিক এলেকাত । এই ঘটনাত অৱশ্যে অট্টালিকাটোত থকা চাৰিটা পৰিয়ালক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় প্ৰশাসন । এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই । উল্লেখ্য যে, অট্টালিকাটো খহি পৰাৰ সময়ত তাত থকা পৰিয়ালকেইটা অট্টালিকাটোত নাছিল যদিও তেওঁলোকৰ সা সম্পত্তি সমূহ ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰে । অৱশ্যে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপ বাহিনীৰ ২০ জনীয়া এটা দল উপস্থিত হৈ ধ্বংসস্তুপৰ তলৰ পৰা সামগ্ৰী সমূহ উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে চাওকঃচলন্ত বাছত মহিলাক ধৰ্ষণ:আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে

ABOUT THE AUTHOR

...view details