নেশ্যনেল ডেস্ক, 26 জুলাই:কাষেৰে পাৰ হ'লেই গালি গালাজ কৰে এগৰাকী মহিলাক ৷ তাৰ পাচত এই অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছিল এটা ভাটৌ চৰাইক ৷ আচৰিত নহ'ব ! এইয়া কোনো সাধু কথা নহয় ৷ এনে ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত ৷
হাৰিয়াল নামৰ এটা ভাটৌৰ আছিল এনে বদভ্যাস ৷ জনাবাঈ নামৰ মহিলা গৰাকীৰ সৎ পুত্ৰ সুৰেশ ৷ তেওঁৰ ঘৰতেই আছিল ভাটৌ চৰাইটো ৷ সুৰেশৰ ঘৰৰ কাষেৰে যেতিয়াই কোনো লোক পাৰ হৈ গৈছিল তেতিয়াই গালি দিছিল হাৰিয়াল নামৰ ভাটৌটোৱে ৷ এদিন দুদিন নহয় ৷ দুবছৰ ধৰি এনেদৰেই চলিছিল হাৰিয়ালৰ বদভ্যাস ৷ ঘৰৰ কাষেৰে কোনো লোক গ'লেই অশ্লীল ভাষাৰে গালি দিছিল হাৰিয়ালে ৷ কিন্তু এনেদৰেই সদায় দিন অতিবাহিত হ'ব জানো ? জনাবাঈয়ে পৰৱৰ্তী সময়ত সেই ভাটৌটো বিৰুদ্ধে আৰক্ষী চকীত দাখিল কৰিলে এখন এজাহাৰ ৷
প্ৰথমাৱস্থাত আৰক্ষীৰ বাবেও এই অভিযোগ আছিল হাস্যকৰ ৷ অৱশ্যে জনাবাঈৰ অভিযোগ গ্ৰহণ কৰে আৰক্ষীয়ে ৷ তাৰ পাচত বহু গুৰুত্ব প্ৰদান কৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷