অসম

assam

By

Published : May 28, 2020, 12:55 PM IST

ETV Bharat / bharat

জুন মাহত হ'ব সংসদীয় কমিটীৰ বৈঠক, কেন্দ্ৰীয় গৃহ সচিবে ধৰিব আঁত !

সংসদীয় সমিতিয়ে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাক জুনৰ 3 তাৰিখৰ পূৰ্বেই কৰ'ণা ভাইৰাছৰ বাবে জাৰি কৰা লক ডাউন সম্পৰ্কে এক চমু আভাষ দিবলৈ কয় ।

লক ডাউন সম্পৰ্কে ব্ৰিফিং
লক ডাউন সম্পৰ্কে ব্ৰিফিং

নিউজ ডেস্ক, 28 মে': সাম্প্ৰতিক গৃহ অৱস্থাৰ আলোচনাৰ বাবে 3 জুনত মিলিত হ'ব সংসদীয় কমিটীৰ বৈঠক । কমিটীৰ এই বৈঠকৰ পূৰ্বে দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে জাৰি কৰা লকডাউন সম্পৰ্কে চমু আভাষ দিবলৈ কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাক আহ্বান জনাইছে । বুধবাৰে এক সূত্ৰত প্ৰকাশ পাইছে এই কথা ।

অধ্যক্ষ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা আনন্দ শৰ্মাই 3 জুনত সংসদীয় কমিটীৰ বৈঠকৰ আহ্বান জনাইছে । এই সম্পৰ্কে কেন্দ্ৰীয় গৃহ সচিবকে ধৰি সকলো সদস্যলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

3 জুনত হ'বলগীয়া বৈঠক খনেই হ'ব 25 মাৰ্চত সমগ্ৰ দেশত জাৰি কৰা লকডাউনৰ পাচত অনুষ্ঠিত হোৱা প্ৰথমখন সংসদীয় সমিতিৰ বৈঠক । উক্ত বৈঠকত শ্ৰমিকৰ বিষয়টো সম্পৰ্কেও আলোচনা কৰা হ'ব বুলি এক সূত্ৰত প্ৰকাশ পাইছে ।

ABOUT THE AUTHOR

...view details