নিউজ ডেস্ক, 12 চেপ্তেম্বৰ: দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ যি ভূমিকা, সেই ভূমিকাৰ বাবেই বহুলোকে তেওঁক দেশৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ ক্ষেত্ৰত এজন অগ্ৰদূত আখ্যা দিছে৷ লগতে স্বাধীনতাৰ পিছৰ যিখন ভাৰত সেইখন ভাৰতে গান্ধীৰ সেই নীতিসমূহ দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত এক প্ৰয়োজনীয় সত্বা হিচাপেও বিবেচনা কৰে৷
কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপিত হয় যে মহাত্মা গান্ধীয়ে ভাৰতত যি এখন সংসদীয় গণতন্ত্ৰ গঢ়াৰ সপোন দেখিছিল, বৰ্তমান দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সেই দিশে আগবাঢ়িছে নে? এতিয়াও দেশৰ গণতন্ত্ৰ গান্ধী মতবাদৰ এক পৰিণতি বা সিদ্ধি নে? প্ৰকৃত অৰ্থত এতিয়া দেশৰ সংবিধানৰ যি স্থিতি তাৰ পৰা আমি জাতিৰ পিতাৰ নীতিসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি আহিলো নেকি?
বৰ্তমান এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰাতো অতিকৈ জৰুৰী হৈ পৰিছে ৷ যেতিয়া ভাৰতে এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে 75 বছৰ অতিক্ৰম কৰিলে, সেইখিনি সময় ভাৰতৰ নিচিনা এখন দেশে ৰাষ্ট্ৰ হিচাপে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ যথেষ্ট৷
সংসদীয় গণতন্ত্ৰ আৰু গান্ধীজীৰ ধাৰণা সংসদীয় গণতন্ত্ৰক এক উত্তম উপলব্ধ প্ৰণালী আখ্যা দিয়া হয়, যিয়ে জীৱনৰ বিভিন্ন মতামত আৰু ধাৰাক সমোজ্জিত কৰে৷ লগতে এক আদৰ্শ স্থাপন কৰাৰ বিপৰীতে সেই আদৰ্শ সমূহৰ আলোচনাও কৰে গণতন্ত্ৰই৷ এফালে সংখ্যা গৰিষ্ঠৰ দ্বাৰা পৰিচালিত হোৱা এক পদ্ধতি হৈছে গণতন্ত্ৰ, আৰু আনহাতে সমাজৰ সৰ্বশ্ৰেণীৰ জীৱনশৈলী, কাৰ্যক্ৰমণিকা আৰু চিন্তাধাৰাৰ পাৰ্থক্য সমূহৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰে সংসদীয় গণতন্ত্ৰই৷ গণতান্ত্ৰিক কাৰ্যকলাপৰ নামত দেশত যি হিংসাত্মক ঘটনা সংঘটিত হয় গান্ধীবাদী নীতিয়ে তাৰো তীব্ৰ বিৰোধিতা কৰে৷
এই সকলোবোৰ বাধাৰ সত্বেও ভাৰতে নিজকে এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে৷
সংসদৰ ক্ৰুটিসমূহ উদঙাই দিবলৈ গান্ধীয়ে 'হিন্দ স্বৰাজত' দুটা অসংবিধানিক শব্দ ব্যৱহাৰ কৰিছিল, আৰু এই দুটা শব্দ ব্যৱহাৰ কৰিবলৈ তেখেতে কোনো আক্ষেপো কৰা নাছিল৷
সংসদ আৰু বিধায়িনী কক্ষক কেতিয়াও দেশৰ পৰিৱৰ্তনৰ আহিলা হিচাপে মনা নাছিল গান্ধীয়ে৷ সংসদে পৰিৱৰ্তনৰ হেতুকে যিবোৰ পদক্ষেপ হাতত লয়, সেইবোৰে গণতন্ত্ৰত কোনো ধৰণৰ প্ৰভাৱ পেলাৱ নোৱাৰে যেতিয়ালৈ সেই পদক্ষেপসমূহ জন সমৰ্থনৰ দ্বাৰা প্ৰতিপাদিত নহয়৷ গতিকে সমাজৰ যিকোনো পৰিৱৰ্তন সাধাৰণ জনতাৰ ঐক্য নীতিৰ দ্বাৰা সংহত বা প্ৰভাৱান্বিত হয় নতুবা সমাজৰ একাংশ সচেতন বিবেকৱান লোকসকলৰ দ্বাৰা কৰা সামাজিক বিপ্লৱৰ দ্বাৰা পোহৰলৈ আহে৷ গতিকে গান্ধীয়ে সংসদক প্ৰকৃত অভিপ্ৰায়হীন আখ্যা দিছিল, যিয়ে কেতিয়াবা সমাজৰ পৰিৱৰ্তনতো বাধাৰ সৃষ্টি কৰে, যিটো অনিবাৰ্য৷ লগতে তেওঁ কৈছিল যে সংসদে শাসনাধীস্থ দলটোৰ প্ৰতি এক সামৰ্থহীন ভূমিকা পালন কৰে আৰু নিশ্চিতভাৱে তেওঁলোকৰ আদৰ্শগত অহংকাৰক সন্তুষ্ট কৰে৷
ইমানবোৰ কটূ সমালোচনাৰ অন্ততো মহাত্মা গান্ধীয়ে দেশৰ গণতান্ত্ৰিক পদ্ধতিটোক সম্পূৰ্ণৰূপে বৰ্জন কৰা নাছিল৷ স্বাধীনতাৰ পিছত এই গণতান্ত্ৰিক পদ্ধতিটোক আঁকোৱালি লোৱা তেওঁৰ শিষ্যসকলৰ লগতো তেওঁ সম্বন্ধচ্ছেদ কৰা নাছিল৷ পদ্ধতিটোৰ সীমাবদ্ধতাসমূহ তেওঁ চিনাক্ত কৰিছিল কিন্তু তেওঁ বুজিও পাইছিল যে এইটোৱেই একমাত্ৰ উপায়৷
সংসদীয় গণতন্ত্ৰই ইয়াৰ ভিতৰত সাঙুৰি লোৱা অনৈতিক দুৰ্নীতি আৰু বলপূৰ্বক সত্বাৰ খেলখন চলোৱাৰ অনুমতি প্ৰদান কৰা ভদ্ৰ মানুহজনৰ অভিনয় কৰা নাই৷ এখন মজবুত, একত্ৰিত আৰু ৰাজনৈতিকভাৱে জাগ্ৰত নাগৰিক সমাজ অবিহনে সংসদীয় গণতন্ত্ৰই না দুৰ্নীতি নিৰ্মূল কৰিব পাৰিব আৰু না নাগৰিকৰ বুনিয়াদী অধিকাৰসমূহ সুনিশ্চিত কৰিব পাৰিব৷ সন্মিলীত ব্যৱস্থাতকৈ এককীকৰণত গান্ধীয়ে অধিক গুৰুত্ব প্ৰদান কৰিছিল৷ গান্ধীৰ মতে, কোনো অন্য প্ৰকাৰে নহয় ব্যক্তি বিশেষে একেলগে মিলি এটা পদ্ধতিৰ সংৰচনা কৰে৷ মহাত্মা গান্ধীয়ে মানৱতাৰ অন্তৰ্নিহিত ধাৰ্মিকতাৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু প্ৰত্যেকজন ব্যক্তি বিশ্বাসী হোৱাটো বিচাৰিছিল৷ যিবোৰ ব্যক্তিয়ে তেওঁলোকৰ কাৰ্যৰ পুনৰাবৃত্তি নকৰে অন্তৰাত্মাই সেইসকল ব্যক্তিৰ চিন্তাধাৰা আৰু গতিবিধিক নিয়ন্ত্ৰিত কৰে৷ এই ব্যক্তি বিশেষে একেলগে এক পদ্ধতি গঠন কৰে যিয়ে সমাজৰ পৰা অসামঞ্জস্যতা, অন্যায় আৰু দুৰ্নীতি নিৰ্মূল কৰে৷
সেয়েহে মহাত্মা গান্ধীয়ে কেতিয়াও ৰাজ্যৰ শক্তি বঢ়াব বিচৰা নাছিল৷ গান্ধীৰ মতে জনসাধাৰণে এখন ৰাজ্যৰ সংৰচনা কৰে, আৰু গণতন্ত্ৰত ৰাজ্যই ইয়াৰ জনসাধাৰণৰ চৰ্ত নিৰ্ধাৰণ নকৰে৷ তেওঁ এনে এটা পদ্ধতিক সমৰ্থন জনাইছিল যিয়ে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিছিল,স্বাধীনতাৰ ক্ষেত্ৰত তেওঁলোকক উৎসাহ যোগাইছিল আৰু শান্তিপূৰ্ণ সামাজিক পৰিৱৰ্তনৰ বাবে পৰিপক্ক আছিল৷ সেয়েহে মহাত্মা গান্ধীয়ে কেতিয়াও সংসদীয় গণতন্ত্ৰৰ ওকালতি কৰা নাছিল, য'ত সামাজিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো কেতিয়াও শান্তিপূৰ্ণ নহয় আৰু য'ত জনসাধাৰণৰ স্বাধীনতাতকৈ অধিক গুৰুত্ব ৰাজ্যৰ স্বাৰ্থক প্ৰদান কৰা হয়৷
গান্ধীয়ে যি ধৰণৰ সামাজিক ব্যৱস্থা বিচাৰিছিল, তাৰ আভাস গাঁওসমূহতহে পোৱা গৈছিল৷ সেয়েহে ৰাষ্ট্ৰক নহয়, গাঁওসমূহক শক্তিৰ মূল কেন্দ্ৰ বনোৱাৰ বিষয়টো লৈহে গান্ধীয়ে ওকালতি কৰিছিল৷ কিয়নো গাঁওসমূহত অন্ধবিশ্বাস, দৰিদ্ৰতা আৰু শিক্ষাৰ অভাৱ হ'লেও গাঁওবাসীৰ একেলগে থকা গুণ আৰু ইজনে সিজনৰ প্ৰতি থকা আস্থাই তেওঁলোকক একেলগে লক্ষ্যত উপনীত হোৱাত সহায় কৰে বুলি গান্ধীয়ে বিশ্বাস কৰিছিল৷ যদি সত্বা ৰাজ্য কেন্দ্ৰিক হয়, তেনেহ'লে ৰাজ্যক নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়৷ ৰাজনৈতিক দলসমূহে কেৱল সত্বা প্ৰাপ্তিৰ ক্ষেত্ৰতহে গুৰুত্ব প্ৰদান কৰে৷ যাৰ বাবে লোকতন্ত্ৰৰ মূল সিদ্ধান্ত সমূহৰ অৱমাননা কৰিব লাগিলেও কোনো আক্ষেপ নকৰে ৰাজনৈতিক দলসমূহে৷ দলৰ বিচাৰধাৰাৰ সন্মুখত সামাজিক ন্যায়ৰ আদৰ্শসমূহ ম্লান হৈ পৰে৷ যদিও ক্ষমতাৰ সংঘৰ্ষখন কেৱল ৰাজধানী চহৰসমূহত অধিক, সংঘৰ্ষত জয়লাভ কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ গাঁওসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সেয়েহে উচ্চ-বৰ্গীয় ৰাজনৈতিক নেতাসমূহে গাঁৱত গৈ গাঁৱৰ ভাতৃত্ববোধৰ ভাৱটো বিনষ্ট কৰিব বিচাৰে৷ গান্ধীয়ে এই কথাটো বুজি পাইছিল, আৰু চহৰ ভিত্তিক সংসদীয় গণতন্ত্ৰৰ ক্ষেত্ৰত তেনেবোৰ অশ্লীল শব্দ ব্যৱহাৰ কৰিছিল৷ স্বাধীনতাৰ পিছত গান্ধীয়ে কংগ্ৰেছ দল ভংগ কৰাৰো নিৰ্দেশ দিছিল৷ লগতে কংগ্ৰেছ নেতা-কৰ্মী সকলক গাঁৱত প্ৰতিনিধি হিচাপে নগৈ ৰাইজৰ সেৱক হিচাপে যাবলৈ অনুৰোধ জনাইছিল৷
মহাত্মা গান্ধীৰ মতে এই সমগ্ৰ প্ৰণালীটোৰ উপকেন্দ্ৰ গাঁও সমাজ হ'ব লাগে৷ নিৰ্বাচনী ৰাজনীতিৰ অপৱিত্ৰতা সমূহৰ পৰাও গাওঁসমূহক দূৰত ৰখা উচিত৷ ভৱিষ্যতে এখন আদৰ্শ সমাজ স্থাপনৰ উদ্দেশ্যে এখন আৰ্হি এৰি থৈ গৈ সংসদীয় লোকতন্ত্ৰৰ পৰা গান্ধী আঁতৰি যায়৷ আজিৰ প্ৰজন্মৰ ৰাজনৈতিক নেতাসকলৰ বাবে যদিও এইটো অসম্ভৱ, কিন্তু গান্ধীৰ মতে ইয়াতেই আমাৰ মুক্তি নিহীত হৈ আছে৷