নিউজ ডেস্ক, 18 নৱেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তদশ লোকসভাৰ শীতকালীন অধিৱেশন ৷ দেশৰ অৰ্থনৈতিক মন্দা অৱস্থা, নিৱনুৱা সমস্যা, জম্মু-কাশ্মীৰৰ প্ৰসংগক লৈ বিৰোধীয়ে সদনত চৰকাৰক তীব্ৰ প্ৰত্যাহবান জনোৱাৰ বিপৰীতে মোদী চৰকাৰে শীতকালীন অধিৱেশনতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব ৷
মুখ্যতঃ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, কৰ্মসংস্থাপনৰ অভাৱ, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শাসকীয় বিজেপি আৰু বিৰোধীৰ মাজত সদন উত্তাল হোৱাৰ সম্ভাৱনা ৷ লোকসভা অধিৱেশনৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হৈছে250 সংখ্যক ৰাজ্যসভাৰ অধিৱেশন ৷ 18 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ চলিবগীয়া ৰাজ্যসভাৰ কাৰ্যক্ৰমনিকাত সৰ্বমুঠ 20 বাৰকৈ বৈঠক অনুষ্ঠিত হ'ব ৷
লোকসভা অধিৱেশনৰ পূৰ্বে দেওবাৰেসৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ নতুনদিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত উপস্থিত থাকে প্ৰত্যেকটো বিৰোধী দলৰ নেতৃত্ব ৷
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ৰাজ্যসভাৰ 250 সংখ্যক অধিৱেশনউপলক্ষে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ভাৰতীয় সংসদীয় ব্যৱস্থা আৰু ভাৰতীয় সংবিধানৰ শক্তিক এই অধিৱেশনৰ জৰিয়তে তুলি ধৰাৰ প্ৰয়াস কৰা হ'ব ৷