নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ: গ্ৰীষ্মকালীন অধিৱেশনৰ নিৰ্ধাৰিত সময়ৰ আঠদিন পূৰ্বেই অন্ত পৰে ৰাজ্য সভাৰ অধিৱেশন। ইয়াৰ পূৰ্বে বুধবাৰে সংসদে তিনিখনকৈ মুখ্য শ্ৰম শুধৰণি বিধেয়কক গৃহীত কৰে । যাৰ জৰিয়তে কোম্পানী সমূহক বন্ধ কৰাৰ বাধা সমূহ শেষ হ'ব আৰু সৰ্বাধিক ৩০০ কৰ্মচাৰী থকা কোম্পানী সমৃহে চৰকাৰৰ অনুমতি অবিহনে কৰ্মচাৰী সকলক আঁতৰোৱাৰ অনুমতি পাব । ৰাজ্যসভাই জীৱিকা সুৰক্ষা, স্বাস্থ্য আৰু কাৰ্যদশা সংহিতা ২০২০ আৰু সামাজিক সুৰক্ষা সংহিতা ২০২০ ক চৰ্চাৰ পাছতে ধ্বনিমতৰ জৰিয়তে গৃহীত কৰে।
ইয়াৰ মাজতে আঠগৰাকী বিৰোধী সাংসদৰ নিলম্বনৰ বিৰুদ্ধে কংগ্ৰেছ সহিতে বিপক্ষৰ অধিকাংশ সদস্যই সদন ত্যাগ কৰে।