নিউজ ডেস্ক, ১০ জুনঃ ঘৰৰ পৰা সাৱধানতা অৱলম্বন কৰি বাহিৰ ওলাবলৈ আহ্বান বলিউড অভিনেত্ৰী পৰিণিতি চোপ্ৰাৰ । মঙলবাৰে অভিনেত্ৰী গৰাকীয়ে ইষ্টাগ্ৰামত এটি প'ষ্টযোগে দেশবাসী তথা অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ উদ্দেশ্যে এই আহ্বান জনায় । দেশব্যাপি চলা লক ডাউন কিছু পৰিমাণে শিথিল কৰাৰ পাচতে দ্ৰুত গতিত বৃদ্ধি পোৱা মহামাৰী COVID-19ৰ বাবেই এনেদৰে ইষ্টগ্ৰামযোগে পোষ্ট কৰে পৰিণিতিয়ে ।
অনুৰাগীলৈ অভিনেত্ৰী পৰিণিতি চোপ্ৰাৰ আহ্বান - লক ডাউন
লক্ ডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে যদিও ঘৰৰ বাহিলৈ ওলোৱাৰ সময়ত মহামাৰী COVID-19ৰ পৰা বাছিবলৈ সকলো ধৰণৰ সাৱধনতা অৱলম্বন কৰিবলৈ দেশবাসী তথা অনুৰাগীক আহ্বান জনাইছে বলিউড অভিনেত্ৰী পৰিণিতি চোপ্ৰাই ।

অভিনেত্ৰী গৰাকীয়ে ইষ্টাগ্ৰামত লিখে যে, বহু ব্যক্তি বৰ্তমানেও বাহিৰত আছে কিয়নো তেখেতসকল থকাটো জৰুৰী । তেখেতসকল বাহিৰত থকা বাদে আৰু অন্য বিকল্প নাই । কিন্তু আপোনালকে যদি ঘৰৰ বাহিৰলৈ ওলোৱা কোনো কাম নাই তেন্তে ঘৰৰ ভিতৰতে থাকক । তেখেত সকল আপোনালোকৰ বাবে জৰীৰা কামত নিয়োজিত হৈ আছে । কিন্তু তাৰ পাচতো যদি আপোনালক বাহিৰলৈ ওলাই যায় তেতিয়াহলে সকলো ধৰণৰ সাৱধনতা অবলম্বন কৰিহে ওলাই যাব ।"
উল্লেখ্য় যে, বলিউড অভিনেত্ৰী পৰিণিতি চোপ্ৰাক সন্দীপ আৰু পিংকী ফৰাৰ বায়'পিক 'ছাইনা' আৰু হলিউড ছবি দ্যা গৰ্ল অন দ্যা ট্ৰেনৰ হিন্দী সংস্কৰণকত প্ৰত্যক্ষ কৰিবলৈ পাব অনুৰাগীসকলে ।