অসম

assam

ETV Bharat / bharat

অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহক 'চুহা গুহা' বুলি অভিহিত অভিনেতা পৰেশ ৰাৱলৰ

"গুজৰাট যদিও অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়া,কিন্তু সাংস্কৃতিকভাৱে পাছপৰা ৰাজ্য। তুলনামূলকভাৱে পশ্চিমবংগ অৰ্থনৈতিক ক্ষেত্ৰত পাছপৰা যদিও সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া"- ৰামচন্দ্ৰ গুহ

Paresh Rawal dubbed the historian Gutless Guha and Chuha Guha on Twitter
অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহাক 'চুহা গুহ' বুলি অভিহিত অভিনেতা পৰেশ ৰাৱলৰ

By

Published : Jun 11, 2020, 7:32 PM IST

Updated : Jun 11, 2020, 7:38 PM IST

নিউজ ডেস্ক, ১১ জুনঃ ভাৰতীয় বুৰঞ্জীবিদ তথা অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহক সমালোচনা বলীউডৰ বলিষ্ঠ অভিনেতা পৰেশ ৰাৱলৰ। বুৰঞ্জীবিদগৰাকীয়ে টুইটাৰযোগে গুজৰাট সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰে অভিনেতাগৰাকীয়ে।

অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহাক 'চুহা গুহ' বুলি অভিহিত অভিনেতা পৰেশ ৰাৱলৰ

উল্লেখ্য যে, ৰামচন্দ্ৰ গুহই,"গুজৰাট যদিও অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়া,কিন্তু সাংস্কৃতিকভাৱে পাছপৰা ৰাজ্য। তুলনামূলকভাৱে পশ্চিমবংগ অৰ্থনৈতিক ক্ষেত্ৰত পাছপৰা যদিও সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া" বুলি ১৯৩৯ চনত ফিটিপ স্প্ৰেট নামৰ এগৰাকী ব্ৰিটিছ লেখক তথা বুদ্ধিজীৱিয়ে কৰা মন্তব্যক লৈ টুইট কৰিছিল। ইয়াৰ পাছতে বুৰঞ্জীবিদগৰাকীৰ এই টুইটক লৈ সৰৱ হৈ পৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী,পৰেশ ৰাৱলৰ লগতে বহু সংখ্যক লোক।

বুৰঞ্জীবিদ তথা অৰ্থনীতিবিদ ৰামচন্দ্ৰ গুহাৰ এই টুইটৰ পাছতে অভিনেতা পৰেশ ৰাৱলে তেখেতক 'চুহা গুহা'বুলি অভিহিত কৰে। 'হেৰা ফেৰী'ৰ অভিনেতাগৰাকীয়ে "বুৰঞ্জীৰ কিতাপসমূহক বিকৃত কৰাৰ পাছত,গুটলেচ গুহই গুজৰাটী/বঙালীৰ মাজত এটা নতুন দিশৰ সূচনা কৰিছে। এই দেখি এনে লাগে যেন কোনোৱাই বিনামুলীয়াকৈ ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিছে। এইজন চুহা গুহাই সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈ ক্লান্ত হোৱা নাই।" বুলি টুইটাৰযোগে মন্তব্য প্ৰকাশ কৰে।

লগতে চাওকঃ অইল ইণ্ডিয়াৰ হেমাহিৰ বাবেই সংঘটিত হ'ল বাঘজান কাণ্ড : অসম নাগৰিক সমাজ

Last Updated : Jun 11, 2020, 7:38 PM IST

ABOUT THE AUTHOR

...view details