অসম

assam

ETV Bharat / bharat

টীকাকৰণৰ বাবে বিশেষজ্ঞ কমিটীক চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ - বিশেষজ্ঞ

নীতি আয়োগৰ স্বাস্থ্য় সচিব ডঃ ভি কে পলে এক সংবাদমেলত জনোৱা মতে কেনে ৰোগীক অগ্ৰাধিকাৰ দিয়া হ'ব তাক নিৰ্ধাৰণ কৰাটো প্ৰয়োজন । টীকাকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লগা ৰোগীৰ মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ নিৰ্দেশ বিশেষজ্ঞ কমিটীক ।

চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ বিশেষজ্ঞ কমিটীক
চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ বিশেষজ্ঞ কমিটীক

By

Published : Jan 6, 2021, 12:45 PM IST

নিউজ ডেস্ক , ৬ জানুৱাৰী :ভাৰতত ইতিমধ্য়ে আৰম্ভ হৈছে ক'ভিড-১৯ টীকাকৰণৰ অনুশীলন অভিযানৰ । টীকাকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰথমে স্বাস্থ্য় সেৱাৰ লগত জড়িত অথবা কৰ'ণা পৰিস্থিতিত কাম কৰা আগশাৰীৰ কৰ্মীসকলক টীকা প্ৰদান কৰা হ'ব । তাৰ পিছতে ৫০ বছৰৰ উৰ্ধৰ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত কৰ'ণাৰ ফলত আন ৰোগত আক্ৰান্ত হৈ জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা ৫০ বছৰ তলৰ ব্য়ক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব । ইয়াৰ পিছতে নীতি আয়োগৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

ক'ভিড-১৯ টীকাকৰণৰ বাবে কোনবোৰ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব তাকলৈ বিশেষজ্ঞ কমিটীক ৰিপোৰ্ট দিবলৈ নিৰ্দেশনা দিলে চৰকাৰে । কৰ'ণাৰ লগতে আন ৰোগত আক্ৰান্ত ৰোগীক অগ্ৰাধিকাৰ দিয়া হ'ব নেকি আৰু তেওঁলোকে কোনবোৰ নথি পত্ৰ জমা কৰিব লাগিব এই সকলো বিষয়ত অতি সোনকালে বিশেষজ্ঞ কমিটীক ৰিপোৰ্ট দিবলৈ নিৰ্দেশ দিলে চৰকাৰে ।

নীতি আয়োগৰ স্বাস্থ্য় সচিব ডঃ ভি কে পলে এক সংবাদমেলত জনাই যে কেনে ৰোগীক অগ্ৰাধিকাৰ দিয়া হ'ব তাক নিৰ্ধাৰণ কৰাটো প্ৰয়োজন । লগতে আন ৰোগত আক্ৰান্ত ব্য়ক্তি ক'ভিড-১৯ ত আক্ৰান্ত হ'লে মৃত্য়ুৰ ভয় বেছি হয় নেকি এয়াও মূল্য়ায়ন কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰিলে সচিব গৰাকীয়ে ।

সংবাদমেলত তেওঁ জনোৱা মতে সমগ্ৰ বিষয়ৰ মানদণ্ড নিৰ্ধাৰণৰ বাবে ইতিমধ্য়ে কমিটী গঠন কৰা হৈছে আৰু সেই কমিটীয়ে আবেদন কৰিব কিহৰ আধাৰত অতি জটিল ৰোগী অথবা আন ৰোগীক চিনাক্ত কৰি অগ্ৰাধিকাৰ দিয়া হ'ব ।

লগতে সচিব গৰাকীয়ে আশা কৰিছে জুলাই মাহলৈ প্ৰায় ৩০ কোটি অগ্ৰাধিকাৰ প্ৰাপ্ত ৰোগীক কৰ'ণাৰ টীকা প্ৰদান কৰিব পৰা যাব ।

লগতে পঢ়ক :কোভিড 19 : মিজোৰামৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details