অসম

assam

ETV Bharat / bharat

পান্দোহ বান্ধে এৰিছে পানী,জলমগ্ন হিমাচল প্ৰদেশ - মহাৰাজা প্ৰতাপ সাগৰ

হিমাচল প্ৰদেশ জিলা প্ৰশাসনে সকলোকে ব্যাস নদীৰ কাষলৈ নাযাবলৈ আহ্বান জনায় । কিয়নো,হিমাচল প্ৰদেশৰ মন্দীস্থিত পান্দোহ বান্ধৰ পৰা ব্যাস নদীত পানী এৰি দিয়াৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

পান্দোহ বান্ধে এৰিছে পানী, জলমগ্ন হিমাচল প্ৰদেশ
পান্দোহ বান্ধে এৰিছে পানী, জলমগ্ন হিমাচল প্ৰদেশ

By

Published : Jun 11, 2020, 8:49 PM IST

নেশ্যনেল ডেস্ক, ১১ জুন: হিমাচল প্ৰদেশৰ মন্দীস্থিত পান্দোহ বান্ধৰ পৰা ব্যাস নদীত পানী এৰি দিয়াৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই হেতুকে হিমাচল চৰকাৰ কৰ্তৃপক্ষই বিশেষকৈ পৰ্যটকৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি চলাচলৰ নিষেধাজ্ঞা জাৰি কৰে ।

পান্দোহ বান্ধে এৰিছে পানী, জলমগ্ন হিমাচল প্ৰদেশ

শক্তিশালী ব্য়াস নদীৰ পানী কুল্লু, মন্দী, হমীৰপুৰ আৰু কাংগৰা জিলাৰ মাজেৰে বৈ গৈ হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ সীমান্তত অৱস্থিত পং বান্ধত পৰে,যিটো বান্ধক মহাৰাজা প্ৰতাপ সাগৰ নামেৰে জনা যায় । এই জলৰাশিয়ে ৰোহতং পাছকো স্পৰ্শ কৰে । এই ভয়াৱহ পৰিস্থিতিৰ বাবে লোকসকলক ব্যাস নদীৰ কাষলৈ যাবলৈ বাধা দিয়ে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ১,৪৪৬ বছৰ কাৰাদণ্ড দুজন ৰেষ্টোৰাৰ স্বত্বাধিকাৰক

ABOUT THE AUTHOR

...view details