নিউজ ডেস্ক, 28 এপ্ৰিলঃ মঙলবাৰে কেন্দ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে,কৰ'ণা ভাইৰাছ ভাৰতৰ বাবে ছদ্মবেশী আশীৰ্বাদৰ ৰূপত আহিছে । ভাৰতে লোৱা মেক ইন ইণ্ডিয়া প্ৰকল্পৰ বিভিন্ন ক্ষেত্ৰক ই তৰান্বিত কৰাত সহায় কৰি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
জৈৱ প্ৰযুক্তি বিভাগৰ অন্তৰ্গত আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ স্বায়ত্ব শাসিত প্ৰতিস্থান সমূহৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সৰ এখন বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় কৰ'ণা ভাইৰাছৰ ফলত ভাৰতে নিজাকৈ বহু সামগ্ৰী প্ৰস্তুত কৰিব লৈছে । ভাৰতে প্ৰতিদিনে 1 লাখৰ পৰা 1.5 লাখলৈ PPE প্ৰস্তুত কৰি আছে ।