সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ আমদানিত নিষেধাজ্ঞাক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈদেশিক নীতিৰ নতুন অস্ত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰথমবাৰৰ বাবে নতুন দিল্লীয়ে বৈদেশিক নীতিৰ উদ্দেশ্যসমূহক সাৰ্থক কৰাৰ উদ্দেশ্যে বাণিজ্যিক পুৰস্কাৰ আৰু শাস্তিৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে । জম্মু আৰু কাশ্মীৰৰ লগতে ভাৰতৰ নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে যে ডাঙৰ ক্ষতি বহন কৰিব লাগিব সেই বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ নিজস্ব শৈলীৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ বিন মহম্মদলৈ প্ৰেৰণ কৰিছে। মালয়েছিয়াৰ খেজুৰজাতীয় তেলৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াৰ পাছতে বিশ্বৰ দ্বিতীয় বৃহৎ উৎপাদনকাৰী আৰু যোগানধাৰী দেশ। কিন্তু এতিয়া দেশখনে ভাৰতৰ পৰা কোটি কোটি টকাৰ ব্যৱসায় হেৰুৱাব। মালয়েছিয়া হ’ল ভাৰতবৰ্ষক সৰ্বাধিক পৰিমাণে সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ যোগান ধৰা দেশ ।
মোদীৰ এই নতুন নীতিয়ে ইণ্ডোনেছিয়াক ভাৰতৰ শস্যৰ তেলৰ শোধনাগাৰসমূহক ক্ৰুড খেজুৰজাতীয় তেল যোগানকাৰী বৃহৎ দেশ হিচাপে প্ৰতিষ্ঠিত কৰাব। কিছু বছৰ পূৰ্বে ইণ্ডোনেছিয়াই ভাৰতৰ এই তেলৰ আমদানিৰ ক্ষেত্ৰখনৰ দুই-তৃতীয়াংশ দখল কৰি আছিল । এবছৰ পূৰ্বে সংশোধিত তেলৰ ক্ষেত্ৰত আৰোপ কৰা কম হাৰৰ কৰে মালয়ছিয়াক যথেষ্ট সহায় কৰিছিল । কিন্তু মালয়েছিয়াৰ স্থিতিৰ সলনি ইণ্ডোনেছিয়াত বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান লোক থকাৰ পাছতো দেশখনে নতুন দিল্লীৰ আভ্যন্তৰীণ নীতিবোৰৰ প্ৰতি অভিজ্ঞ আৰু সতৰ্ক দৃষ্টিভংগী গ্ৰহণ কৰিছে । আমোদজনকভাৱে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে নিৰ্দেশত মালয়েছিয়াৰ নাম উল্লেথ থাকিলেও নিষেধাজ্ঞা সম্পৰ্কে স্পষ্ট ইংগিত দিয়া হৈছে । কিয়নো সংশোধিত খেজুৰ জাতীয় তেলৰ আমদানিক মুক্তৰ পৰা সীমিত শাখালৈ সলনি কৰা বুলি উল্লেখ কৰা হৈছে । ইয়াৰ আগলৈকে ভাৰতে কোনোধৰণৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ অবিহনে মালয়েছিয়াৰ পৰা ‘Refined bleached deodarised palm oil’আৰু ‘Palmolein’ আমদানিৰ অনুমতি প্ৰদান কৰিছিল ।
মহাথিৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসন্তুষ্ট কিয়?
শাসনভাৰ লোৱাৰে পৰা ৯৪ বছৰীয়া মালয়েছিয়াৰ ৰাষ্ট্ৰপতি মহাথিৰ মহম্মদে সমগ্ৰ বিশ্বৰ মুছলমানৰে কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । বিগত বৰ্ষত মোদী চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পাছত ভাৰতবৰ্ষই কাশ্মীৰ আক্ৰমণ আৰু দখল কৰা বুলি মহাথিৰে সমালোচনা কৰিছিল । মহাথিৰে নতুন সংশোধিত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ পাছত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰভাৱে প্ৰত্যুত্তৰ দিয়ে । তেতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহাথিৰকলৈ লৈ অসন্তুষ্ট হৈ আছে । আনহাতে বিতৰ্কিত ইছলামিক ধৰ্ম গুৰু জাকিৰ নায়কক ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰতো মালয়েছিয়াই অপাৰগতা প্ৰকাশ কৰে । মহাথিৰৰ আগৰ প্ৰধানমন্ত্ৰী নাজিব ৰাজাকৰ নেতৃত্বত মালয়ছিয়াই লুক ইষ্ট পলিচীৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যথেষ্ট গুৰুত্ব লাভ কৰিছিল ।