অসম

assam

ETV Bharat / bharat

পালঘৰ হত্যা : কৰ্তব্য়ত গাফিলতিৰ বাবে দুই আৰক্ষী বিষয়াক নিলম্বন - কৰ্তব্যত গাফিলতি

মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হত্যাকাণ্ডৰ পাচতে নিলম্বিত হৈছে দুজনকৈ আৰক্ষী বিষয়া ৷ কৰ্তব্যত গাফিলতিৰ বাবে দুয়োজনকে নিলম্বন কৰিছে ৷

পালঘৰ হত্যা
কৰ্তব্য়ত গাফিলতিৰ বাবে দুই আৰক্ষী বিষয়াক নিলম্বন

By

Published : Apr 20, 2020, 7:40 PM IST

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল : মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত তিনি লোকক মৰিয়াই হত্যা কৰাৰ পাচতে সোমবাৰে কৰ্তব্যত গাফিলতিৰ অভিযোগত দুই আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে ৷

16 এপ্ৰিলৰ দিনা মুম্বাইৰ কান্দিবলিৰ পৰা তিনিজন লোকে এক অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে গুজৰাটৰ চুৰাতলৈ গৈ থকাৰ অৱস্থাত এই ঘটনা সংঘটিত হয় ৷ চোৰৰ সন্দেহত পালঘৰৰ এখন গাঁৱত গাড়ী ৰখাই তেওঁলোকক বাহিৰলৈ উলিয়াই অনাৰ লগতে লাঠিৰে কোবাই কোবাই হত্যা কৰা হয় ৷

পালঘৰৰ কালেক্টৰ ডঃ কৈলাশ শিন্দেই জানিবলৈ দিয়া অনুসৰি,ঘটনা সংঘটিত হোৱাৰ দিনা আৰক্ষীৰ ভূমিকা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷ ইয়াৰোপৰি, লক ডাউনৰ সময়ত লোককেইজন মুম্বাইৰ পৰা কেনেদৰে আহি সেই স্থানত উপস্থিত হ'ল সেই সম্পৰ্কতো তদন্ত কৰি থকা হৈছে ৷

তদন্তৰ পাচতে পালঘৰৰ আৰক্ষী অধীক্ষক গৌৰৱ সিঙে কাছা আৰক্ষী চকীৰসহ আৰক্ষী অধীক্ষক আনন্দৰাও কালে আৰু উপ আৰক্ষী অধীক্ষক সুধীৰ কাটাৰেক নিলম্বিত কৰে ৷ এই ঘটনাৰ সম্পৰ্কত কাছা আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰাৰ লগতে 101 জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ এই লোককেইজনক 30 এপ্ৰিল পৰ্যন্ত আৰক্ষীৰ জিম্মাত ৰখা হ'ব বুলি আৰক্ষী বিভাগৰ এজন মুখপাত্ৰই জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, 9 জনকৈ কিশোৰকো এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰাৰ লগতে থানে জিলাৰ ওচৰৰ ভিৱান্দীৰ এক শিশু শুধৰণি গৃহলৈ প্ৰেৰণ কৰা হৈছে ৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই দেওবাৰে মন্তব্য কৰে যে,ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ সেয়েহে ৰাজ্য চৰকাৰে এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে,মৃত লোককেইজন চিকনে মহাৰাজ কল্পভ্ৰুকশাগিৰি (70), সুশীলগিৰি মহাৰাজ (35) আৰু তেওঁলোকৰ চালক নিলেশ তেলগাড়ে (30) বুলি চিনাক্ত কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details