নেশ্যনেল ডেস্ক, ২২ জুন :জম্মু কাশ্মীৰৰ পুঞ্জ জিলাৰ কৃষ্ণাঘাটী আৰু মনকোট এলেকাত সোমবাৰে প্ৰায় ৩.৩০ বজাত পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানী সেনাই । ইয়াৰোপৰি, প্ৰায় ৫.৩০ বজাত নৌশেৰা এলেকাতো যুদ্ধ বিৰতি উলংঘন কৰে ।
জম্মু কাশ্মীৰত অব্যাহত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন ইয়াৰ বিৰুদ্ধে ভাৰতীয় সেনা প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও পাকিস্তানী সেনাই জম্মু কাশ্মীৰৰ পুঞ্জ আৰু কঠুৱা জিলাৰ ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁওসমূহত গোলাবৰ্ষণ কৰিছিল ।
দেওবাৰে পুৱা প্ৰায় ৬.১৫ বজাত পাক সেনাই পুঞ্জ জিলাৰ বালাকোট এলেকাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বন্দুক চালনা আৰু গোলাবৰ্ষণেৰে যুদ্ধ বিৰতি উলংঘন কৰে । ইয়াৰ পিছতে ভাৰতীয় সুৰক্ষা বলে দিয়া প্ৰত্যুত্তৰত দুয়োটা পক্ষৰ মাজত সংঘৰ্ষ বৃদ্ধি পায় আৰু এলেকাটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।
জম্মু কাশ্মীৰত অব্যাহত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন চলিত বৰ্ষত জম্মু কাশ্মীৰৰ সীমাত অত্যাধিকভাৱে হোৱা গোলাবৰ্ষণৰ ফলস্বৰূপে ২০২৭ বাৰৰো অধিক যুদ্ধ বিৰতি উলংঘন হয় । লগতে, চলিত মাহত ৰাজৌৰী আৰু পুঞ্জৰ সমসীমাত পাক সেনাৰ গোলাবৰ্ষণত তিনিজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচীঃ বন্ধ মন্দিৰৰ দুৱাৰ