অসম

assam

ETV Bharat / bharat

ৰাজস্থানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী - পাকিস্তানী

নিশা ৰাজস্থানৰ বাৰমেৰ বাখাছৰ সংলগ্ন ভাৰত পাক আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাইটীয়া তাঁৰ অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওতে বিএচএফৰ জোৱানে গুলিয়াই হত্যা কৰে পাক অনুপ্ৰৱেশকাৰী লোকজনক ৷

Pakistani intruder shot dead by BSF personnel in Rajasthan
ৰাজস্থানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

By

Published : Aug 8, 2020, 11:10 AM IST

ৰাজস্থান, 8 আগষ্ট : ৰাজস্থানৰ বাৰমেৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বিএছএফৰ জোৱানৰ হাতত নিহত এজন সন্দেহজনক পাকিস্তানী অনুপ্ৰৱেশকাৰী ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তয়েদি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওতেই নিৰাপত্তৰক্ষীৰ হাতত মৃত্যু হয় পাকিস্তানী অনুপ্ৰৱেশকাৰীজনৰ ৷

ৰাজস্থানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

শুকুৰবাৰে নিশা ৰাজস্থানৰ বাৰমেৰ বাখাছৰ সংলগ্ন ভাৰত পাক আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাইটীয়া তাঁৰ অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওতে বিএছএফৰ জোৱানে গুলিয়াই হত্যা কৰে পাক অনুপ্ৰৱেশকাৰীজনক ৷ শনিবাৰে পুৱা বিএছএফৰ লগতে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ উল্লেখ্য যে,তিনিদিন পূৰ্বে একে স্থানতে বিএছএফৰ জোৱানে 4 জন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ দলটোৰ পৰা সেনাই প্ৰায় 6 লাখ টকা জব্দ কৰিছিল ৷

লগতে পঢ়ক : কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত

ABOUT THE AUTHOR

...view details