অসম

assam

LoC ত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি চুক্তিৰ উলংঘন

By

Published : Dec 22, 2020, 9:19 PM IST

পাকিস্তানে জন্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ বিৰতি উলংঘন কৰা বুলি বুধবাৰে বিষয়াই জানিবলৈ দিয়ে । একেৰাহে ৪ দিন ধৰি পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰে । ইয়াৰ মাজতে চলি আছে জিলা উন্নয়ণ পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা ।

LoC ত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি চুক্তিৰ উলংঘন
LoC ত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি চুক্তিৰ উলংঘন

নেশ্য়নেল ডেস্ক , ২২ ডিচেম্বৰ :পাকিস্তানে একেৰাহে ৪ দিন ধৰি জন্মু আৰু কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধ বিৰতি উলংঘন কৰা বুলি বুধবাৰে সেনাৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে । ৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ, কৰ্ণেল দেবেন্দ্ৰ আনন্দে মঙলবাৰে পুৱা প্ৰায় ৯.৩০ বজাত জনোৱা মতে, পাকিস্তানে পুনম জিলাৰ মনকোট অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰতে মৰ্টাৰৰ লগতে সৰু বন্দুকেৰে গুলী বৰ্ষণ কৰি যুদ্ধ বিৰতি উলংঘন আৰম্ভ কৰে ।

মুখপাত্ৰ গৰাকীয়ে জনোৱা মতে ভাৰতেও ইয়াৰ সঠিক উত্তৰ দিয়ে । পাকিস্তানে ৪ দিন ধৰি LoCত একেৰাহে যুদ্ধ বিৰতি উলংঘন কৰি আছে ।

মঙলবাৰে পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰা এদিন পিছতে জিলা উন্নয়ণ পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । ২০১৯ চনৰ ৫ আগষ্ঠত ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত জিলা উন্নয়ণ পৰিষদৰ নিৰ্বাচন হ'ল প্ৰথমটো গণতান্ত্ৰিক অনুশীলন ।

১৯৯৯ চনত দুয়োখন দেশৰ মাজত হোৱা দ্বি পাক্ষিক যুদ্ধ বিৰতি চুক্তি পাকিস্তানে এই বছৰৰ প্ৰথম ভাগৰ পৰা কৰিছে । ইফালে ২০২০ ৰ জানুৱাৰীৰ পৰা নিয়ন্ত্ৰণ ৰেখাত ৩,২০০ ৰো অধিক যুদ্ধ বিৰতি উলংঘন কৰাত প্ৰায় ৩০ গৰাকী সাধাৰণ লোকৰ মৃত্য়ু হৈছে আৰু ১০০ ৰো অধিক আঘাট প্ৰাপ্ত হৈছে ।

লগতে পঢ়ক :দিল্লীৰ বায়ুমণ্ডলৰ গুণাগুণ অতি বেয়া !

ABOUT THE AUTHOR

...view details