অসম

assam

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ

By

Published : Jun 20, 2020, 8:47 AM IST

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত পাক সেনাৰ আক্ৰমণ । শুকুৰবাৰে সন্ধিয়া যুদ্ধ বিৰতি উলংঘা কৰি গুলীবৰ্ষণকে ধৰি অন্য বিস্ফোৰক সামগ্ৰীৰে আক্ৰমণ কৰে পাকিস্তানী সেনাই ।

জম্মু-কাশ্মীৰ
জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ

নিউজ ডেস্ক, ২০ জুনঃ শুকুৰবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানে । জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত গুলিবৰ্ষণ কৰি পাকিস্তানী সেনাই পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনা বিষয়াই ।

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘা পাক সেনাৰ

সেনা বিষয়া গৰাকীৰ ভাষ্য অনুসৰি, ২০২০ চনৰ ১৯ জুনৰ সন্ধিয়া পাকিস্তানী সেনাই গুলীবৰ্ষণৰ লগতে অন্য বিস্ফোৰক সামগ্ৰীৰে ভাৰতৰ তংগাধৰ চেক্টৰৰ দিশে নিক্ষেপ কৰি পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে । ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই যদিও ভাৰতীয় সেনাই পাক সেনাৰ এই আক্ৰমণক উচিত প্ৰত্যুত্তৰ দিব বুলিও সদৰি কৰে ।

ABOUT THE AUTHOR

...view details