অসম

assam

জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানে পুনৰ উলংঘন কৰিলে যুদ্ধ বিৰতি

By

Published : Jul 27, 2020, 7:28 PM IST

সোমবাৰে পাকিস্তানী সেনাই জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ মানকট চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখা(LOC) অতিক্ৰম কৰি ধাৰাষাৰ গুলিবৰ্ষণৰ লগতে ম'ৰ্টাৰ নিক্ষেপেৰে উলংঘন কৰে যুদ্ধ বিৰতি । পাক সেনাই যুদ্ধ বিৰতি উলংঘন কৰি পুৱা ১০.৩০ বজাত এই গুলি বৰ্ষণৰ কাণ্ড সংঘটিত কৰিছিল ।

জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানে পুনৰ উলংঘন কৰিলে যুদ্ধ বিৰতি

নিউজ ডেস্ক,২৭ জুলাই: সোমবাৰে পুৱা ১০.৩০ বজাত পাকিস্তানী সেনাই পুনৰ এবাৰ যুদ্ধ বিৰতি উলংঘনেৰে পুঞ্চ জিলাৰ মানকট চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখা (LOC) অতিক্ৰম কৰি ধাৰাষাৰ গুলি বৰ্ষণৰ লগতে ম'ৰ্টাৰ নিক্ষেপ কৰিলে । অৱশ্যে ভাৰতীয় সেনাইও দিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ ।

জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানে পুনৰ উলংঘন কৰিলে যুদ্ধ বিৰতি

ইয়াৰ পূৰ্বেও যোৱা ২৩ জুলাইত পুঞ্চ আৰু কুপৱাৰা জিলাত পাক সেনাই যুদ্ধ বিৰতি উলংঘনেৰে নিয়ন্ত্ৰণ ৰেখা (LOC) অতিক্ৰম কৰি আহি ধাৰাষাৰ গুলিবৰ্ষণ কৰাৰ ফলত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল ।

তাৰোপৰি আন এক ঘটনাত পুঞ্চ জিলাৰ কচৱা চেক্টৰতো নিয়ন্ত্ৰণ ৰেখা(LOC)ৰ সমীপৰ পৰা পাক সেনাই কৰিছিল গুলিবৰ্ষণ ।

উল্লেখ্য যে, চলিত বছৰটোত পাক সেনাই যুদ্ধ বিৰতি উলংঘন কৰি গুলিচালনা কৰাৰ ফলত বৰ্তমানলৈকে ৯৪ গৰাকী ভাৰতীয় নাগৰিক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ২১জনৰ মৃত্যু ঘটিছে ।

দেশৰ সিমান্তত থকা বিভিন্ন গাঁৱৰ পৰিয়াল,পশুপালন, কৃষি কৰ্ম আদিৰ লগত জড়িত লোক সকলৰ বাবে যিকোনো মুহুৰ্তত পাক সেনাৰ আক্ৰমণ এতিয়া হৈ পৰিছে এক গুৰুত্বপূৰ্ণ সমস্যা ।

লগতে চাওকঃ নদীৰ ঘোলা পানী খাই জীৱন কটোৱা বিটিচিৰ এখন গাঁও

ABOUT THE AUTHOR

...view details