জম্মু-কাশ্মীৰৰ, ১২ জুন : জম্মু-কাশ্মীৰত শুকুৰবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাক সেনাই ৷ জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত ধাৰাষাৰ গোলাবৰ্ষণ কৰে পাক সেনাই ।
পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই । উল্লেখ্য যে,জম্মু-কাশ্মীৰৰ সীমান্তত বিগত মাহত পাকিস্তানী সেনাই কেইবাবাৰো যুদ্ধবিৰতি উলংঘন কৰিছে । পাক সেনাৰ গোলাবৰ্ষণত ১১ জুনত জম্মু-কাশ্মীৰত এজন নাগৰিকো নিহত হয় ।