নিউজ ডেস্ক,২৩ জুলাই: ইয়াৰ পূৰ্বেও যোৱা ১৭ জুলাইত পাকিস্তানী সেনাই । দুয়োখন দেশৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ আহি ভাৰতীয় নাগৰিকৰ বসতি অঞ্চলত গুলি বৰ্ষণ কৰি একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যক হত্যা কৰিছিল । একে ধৰণেই ১৪জুলাইতো পাকিস্তানী সেনাই ৰাজৌৰি জিলাত এল অ চি অতিক্ৰম কৰি প্ৰচণ্ড গুলি বৰ্ষণ আৰু মৰ্টাৰ নিক্ষেপ কৰিছিল ।
জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন - ভাৰতীয় সেনা
জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ কচৱা চেক্টৰত সৰু মাৰণাস্ত্ৰৰে গুলি বৰ্ষণ আৰু মৰ্টাৰ নিক্ষেপেৰে বৃহস্পতিবাৰে পাকিস্তানে উলংঘণ কৰিলে যুদ্ধ বিৰতি । অৱশ্যে ভাৰতীয় সেনাইও দিলে ইয়াৰ উচিত প্ৰত্যোত্তৰ ।
জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন
আন এটা ঘটনাত খাৰি চেক্টৰত থকা এল অ চিৰ কাষৰ পৰাই পাকিস্তানী সেনাই কৰিছিল গুলি বৰ্ষণ। সীমান্তত বসবাস কৰা স্থানীয় লোকসকলে পাকিস্তানী সেনাই এইদৰে বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰা কাৰ্যৰ বিৰোধিতাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ।
লগতে চাওকঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত প্ৰতিবাদ