অসম

assam

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

By

Published : Jun 14, 2020, 10:09 PM IST

বিগত তিনিটা দিনত ৰামপুৰ চেক্টৰত দ্বিতীয়বাৰৰ বাবে যুদ্ধবিৰতি উলংঘন কৰে চিৰবৈৰী পাকিস্তানে। দেওবাৰে পুৱাৰ ভাগতো জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত পাক সেনাৰ আক্ৰমণত নিহত হৈছে এজন ভাৰতীয় সেনা জোৱান।

 Pakistan violates ceasefire
Pakistan violates ceasefire along LoC in Baramulla district

নিউজ ডেস্ক, ১৪ জুন :জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত দেওবাৰে পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে। জিলাখনৰ ৰামপুৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে ভাৰতীয় সেনাক উদ্দেশ্যি গুলীবৰ্ষণ কৰে পাক সেনাই। ভাৰতীয় সেনায়ো যুদ্ধবিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিয়ে পাকিস্তানক।

বিগত তিনিটা দিনত ৰামপুৰ চেক্টৰত দ্বিতীয়বাৰৰ বাবে যুদ্ধবিৰতি উলংঘন কৰে চিৰবৈৰী পাকিস্তানে। দেওবাৰে পুৱাৰ ভাগতো জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত পাক সেনাৰ আক্ৰমণত নিহত হৈছে এজন ভাৰতীয় সেনা জোৱান।

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

বিগত কেইবাসপ্তাহ ধৰি পাক সেনাই জম্মু-কাশ্মীৰৰ সীমান্তৰ গাঁৱসমূহৰ লগতে সেনাক উদ্দেশ্যি আক্ৰমণ চলাই আছে। এই আক্ৰমণৰ ফলত সেনা জোৱানৰ মৃত্যু হোৱাৰ লগতে সমীপৱৰ্তী গাঁৱসমূহত বাসগৃহৰ ক্ষতিসাধন হয়। লগতে, বহুসময়ত পাক-সেনাক আক্ৰমণত আহত হৈছে সাধাৰণ নাগৰিকো।

লগতে পঢ়ক :লকডাউনৰ মাজতে গোন্ধ ওলোৱা খাদ্য প্ৰদানৰ অভিযোগ হোটেলৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details