নিউজ ডেস্ক, 6 জানুৱাৰী:আজি 20 গৰাকী মাছমৰায়াক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাব পাকিস্তানে৷ এক প্ৰতিবেদন অনুসৰি এই কেইগৰাকী মাছমৰীয়াৰ ওপৰত আছিল প্ৰকিস্তানৰ জল সীমা উলংঘা কৰাৰ অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতসমুদ্ৰ সুৰক্ষা কৰ্তৃত্বই মাছমৰীয়া কেইজনক গ্ৰেপ্তাৰ কৰিলাহেোৰৰ মালিৰ জিলাস্থিত কাৰাগাৰত বন্দী কৰি ৰাখিছিল ৷
অন্ধ্ৰপ্ৰদেশৰ গুন্টোৰৰ বিধায়ক মোপিদেৱী ভেংকটৰমনে তেওঁলোকক গ্ৰহণ কৰিবলৈ গৈছে ৷ পাকিস্তানে মাছমৰীয়া সকলক সন্ধিয়া 5 বজাত অমৃতসৰৰ বাঘা সীমান্তত মুকলি কৰি দিব ৷ ৰাতিপুৱা 11 বজাত গুন্টোৰৰ বিধায়ক ভেংকটৰমন উপস্থিত হয়গৈ অমৃতসৰৰ বিমান বন্দৰত ৷
এক সূত্ৰ অনুসৰি, মাছমৰীয়া কেইগৰাকীক কাৰাগাৰ কৰ্তৃপক্ষই লাহোৰৰ এটা অনালাভকাৰী সংস্থা, 'এধি ফাউণ্ডেচন'ৰ ওচৰত হস্তান্তৰ কৰিছে ৷