অসম

assam

ETV Bharat / bharat

ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ বিক্ষোভঃ সমঝোটা এক্সপ্ৰেছ সেৱা বাতিল পাকিস্তানৰ

ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক দ্ৰুত হাৰত অৱনতি ঘটিছে ৷ অনুচ্ছেদ 370 আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ পিচতে পাকিস্তানে বন্ধ কৰি দিছে ভাৰতৰ সৈতে সকলোধৰণৰ আমোলাতান্ত্ৰিক, বাণিজ্যিক আৰু বৈদেশিক সম্পৰ্ক ৷ শেহতীয়াকৈ পাকিস্তানে বাতিল কৰিছে সমঝোটা এক্সপ্ৰেছ সেৱা ৷

চমজ্যোটা এক্সপ্ৰেছ সেৱা বাতিল কৰিলে পাকিস্তানে

By

Published : Aug 8, 2019, 5:01 PM IST

নিউজ ডেস্ক, 8 আগষ্টঃ বৃহস্পতিবাৰৰ পৰা পাকিস্তানে বন্ধ কৰিলে সমঝোটা এক্সপ্ৰেছ ৷ শেহতীয়াকৈ ভাৰত-পাক দ্বিপাক্ষিক সম্পৰ্ক দ্ৰুত হাৰত অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 আৰু 35(A) প্ৰত্যাহাৰ আৰু দুভাগত বিভক্ত কৰি কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাক লৈ দুয়োখন দেশৰ মাজত বৃদ্ধি পাইছে শীতল যুদ্ধ ৷ ইতিমধ্যে পাকিস্তানে ভাৰতৰ সৈতে সকলোধৰণৰ আমোলাতান্ত্ৰিক, বাণিজ্যিক আৰু বৈদেশিক সম্পৰ্ক বন্ধ কৰি দিছে ৷

পাকিস্তানে বন্ধ কৰি দিয়ে দুয়োখন দেশৰ মাজত চলা সমঝোটা এক্সপ্ৰেছ ৷ লাহোৰৰ পৰা সোমবাৰে আৰু বৃহস্পতিবাৰে ভাৰতলৈ বুলি ৰাওনা হোৱা ৰে'লগাড়ীখনৰ সেৱা বন্ধ কৰি দিছে পাকিস্তানে ৷ অৱশ্যে ভাৰতীয় ৰে'লৰ তৰফৰ পৰা এইবিষয়ে স্পষ্টীকৰণ দিয়া হৈছে ৷ ভাৰতৰ পৰা লাহোৰলৈ যোৱা ৰে'লগাড়ীখনৰ ক্ৰিউ গাৰ্ডৰ সমস্যাৰ বাবে ৱাঘাহ সীমান্তৰ ওচৰত ৰখাই থোৱা হৈছে ৷ উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া দীপক কুমাৰে জনাইছে এই কথা ৷ উল্লেখ্য যে, 1971 চনৰ যুদ্ধৰ পিচত ভাৰত-পাকিস্তানৰ মাজত সম্পাদিত হৈছিল বিখ্যাত "ছিমলা চুক্তি" ৷ এই চুক্তি অনুসৰি 1976 চনৰ 22 জুলাইৰ পৰা আৰম্ভ হৈছিল সমঝোটা এক্সপ্ৰেছ সেৱা ৷ সমঝোটা এক্সপ্ৰেছত মুঠ ৬টা স্লিপাৰ দবা আৰু এটা এ চি ৩ টিয়ৰ দবাৰ সুবিধা আছে যাত্ৰীৰ বাবে।

ABOUT THE AUTHOR

...view details