অসম

assam

ETV Bharat / bharat

কাৰ্টাৰপুৰ কৰিড'ৰঃ মুকলিৰ বাবে সাজু নহয় ভাৰত - কৰতাৰপুৰ কৰিদ'ৰঃ মুকলিৰ বাবে সাজু নহয় ভাৰত

উল্লেখ্য যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 2019 চনৰ 9 নৱেম্বৰত কাৰ্টাৰপুৰ কৰিড'ৰ উদ্ধোধন কৰিছিল ৷ বহু বিবাদৰ অন্তত গুৰু নানকৰ ৫৫০ তম জন্মজয়ন্তীত ইয়াক মুকলি কৰা হৈছিল ৷

kartarpur corridor
কৰতাৰপুৰ কৰিদ'ৰ

By

Published : Jun 30, 2020, 10:44 PM IST

নিউজ ডেস্ক, 30 জুনঃ দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্টাৰপুৰ কৰিড'ৰ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত সহমত প্ৰদান কৰা নাই ভাৰতে ৷ এই সময়ছোৱাত বিশ্বৰ প্ৰায় প্ৰতিখন দেশে যিহেতু মহামাৰীৰ সৈতে যুঁজ দি আছে গতিকে কাৰ্টাৰপুৰ কৰিড'ৰ মুকলি কৰাৰ বাবে পাকিস্তানৰ সৈতে সন্মত নহয় ভাৰত ৷ উল্লেখ্য যে, প্ৰতি বছৰে মহাৰজা ৰঞ্জিত সিঙৰ মৃত্যুবাৰ্ষিকীত অৰ্থাৎ 29 জুনত পাকিস্তানী শিখ তীৰ্থযাত্ৰীসকলৰ বাবে কাৰ্টাৰপুৰ কৰিড'ৰ মুকলি কৰা হয় যদিও এইবেলি মহামাৰীৰ বাবে অনুমতি প্ৰদান কৰা নাই ভাৰতে ৷

পাকিস্তানৰ বিদেশমন্ত্ৰী শ্বাহ মেহমুদ কুৰেশীয়ে এটা টুইটৰ জৰিয়তে প্ৰকাশ কৰে যে, "বিশ্বজুৰি ইতিমধ্যে সকলো ধৰ্মস্থান মুকলি কৰা হৈছে ৷ সেয়ে ভাৰতক জনাব বিচাৰো যে আমিও 29 জুনত পাকিস্তানৰ শিখ তীৰ্থযাত্ৰীসকলৰ বাবে কাৰ্টাৰপুৰ কৰিড'ৰ মুকলি কৰিবলৈ সাজু ৷ এই ক্ষেত্ৰত পাকিস্তানে সদ ইচ্ছাৰ এখন ছবি দেখুৱাব বিচাৰিছে বুলি ভাৰত ইতিমধ্যে জ্ঞাত ৷

ইফালে কাৰ্টাৰপুৰ কৰিড'ৰ সন্দৰ্ভত ভাৰতীয় বিষয়া এগৰাকীয়ে কয় য়ে," পাকিস্তানে 29 জুনত কাৰ্টাৰপুৰ কৰিড'ৰ মুকলি কৰিব বিচৰাটো কেৱল সদ ইচ্ছাৰ মৰীচিকা প্ৰস্তুত কৰা ৷ কাৰণ দ্বিপাক্ষিক চুক্তি অনুযায়ী ভাৰত আৰু পাকিস্তানৰ মাজত যাত্ৰা আৰম্ভ হ'লে অন্তত সাতদিন পূৰ্বে বিষয়টো দুই পক্ষক জনোৱা উচিত ৷ তেনে কৰিলে ভাৰতে পূৰ্বেই ৰেজিষ্ট্ৰেচনৰ কাম আৰম্ভ কৰিব পাৰিলেহেতেন ৷"

উল্লেখ্য যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 2019 চনৰ 9 নৱেম্বৰত কাৰ্টাৰপুৰ কৰিড'ৰ উদ্ধোধন কৰিছিল ৷ বহু বিবাদৰ অন্তত গুৰু নানকৰ ৫৫০ তম​ জন্মজয়ন্তীৰ সন্ধিয়া ইয়াক মুকলি কৰা হৈছিল ৷ ইয়াত শিখ ধৰ্মাৱলম্বী লোকসকলৰ মনোবাঞ্ছা পূৰণ হয় ৷

লগতে পঢ়কঃ"Work from home" ৰ দ্বাৰা নিলাম কৰা হ'ব ৰাজ্যৰ চাহপাত

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ 16 মাৰ্চত ইয়াক বন্ধ কৰি দিয়া হয় ৷ কিন্তু কেবা মাহৰ অন্তত বিশ্বৰ সমগ্ৰ ধৰ্মীয় অনুষ্ঠানসমূহ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে, পাকিস্তানে ভাৰতক কৰিড'ৰ পুনৰ মুকলি কৰি স্বাস্থ্য সংক্ৰান্তত এখন SOP প্ৰদানৰ আহ্বান জনাই ৷ ইফালে চিকিৎসালয়সমূহৰ আন্তঃগাথনি পূৰ্বৰ তুলনাত অধিক উন্নত কৰাৰ পাছতো ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে কৰ'ণাত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে ৷ সমগ্ৰ বিশ্বৰ ভিতৰত পাকিস্তান এনে এখন দেশ য'ত বৰ্তমান দ্ৰুত গতিত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ এই সময়ছোৱাত দেশখনত প্ৰতিদিনে প্ৰায় 150 জনকৈ লোক মৃত্যুমুখত পৰিছে ৷

ভাৰতৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, "কৰ'ণা সংক্ৰমণ কম কৰাৰ উদ্দেশ্যে দুই দেশৰ সীমান্তৰ যাতায়ত বৰ্তমান সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিহে এই বিষয়ত মতামত প্ৰদান কৰা হ'ব ৷"

উল্লেখ্য যে, সাতদিনৰ ভিতৰত পাকিস্তানৰ দূতবাসৰ কৰ্মচাৰী 50 শতাংস হ্ৰাস কৰিবলৈ পাকিস্তানৰ CDA চৈয়দ হাইদৰ শ্বাহক নিৰ্দেশ প্ৰদান কৰে বিদেশ মন্ত্ৰণালয়ে ৷ কিছু দিনৰ পাছতে পাকিস্তানে এই প্ৰস্তাৱত সন্মতি জনায় ৷ দিল্লী আৰু ইছলামাবাদত নিযুক্তি দিয়া দূতবাস তথা বিষয়াসকলক অপহৰণ কৰা, হাৰাশাস্তি কৰাৰ অভিযোগৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক ইতিমধ্যে অৱনতি ঘটিছে ৷ ভাৰতে ইতিমধ্যে এই সকলোবোৰৰ প্ৰতিদান দিয়া হ'ব বুলি জনাইছে ৷ ভাৰতীয় বিষয়াসকলে কয় য়ে, দ্বিপাক্ষিক চুক্তি অনুযায়ী তথা প্ৰতিশ্ৰুতি প্ৰদান কৰা পাছতো পাকিস্তানে ৰবি নদীৰ দলং নিৰ্মাণ কৰি নিদিলে ৷ বাৰিষা কালত তীৰ্থযাত্ৰীসকলৰ কৰিড'ৰৰ যাতায়ত সুৰক্ষিত আৰু নিৰাপদ কৰিবৰ বাবে এই বিষয়টিৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত ৷ প্ৰায় চাৰি কিল'মিটাৰ দৈৰ্ঘৰ এই ঐতিহাসিক কৰিড'ৰটোৱে কাৰ্টাৰপুৰ চাহেবক ভাৰতৰ গুৰুনানকৰ সৈতে সংযুক্ত কৰে ৷ শিখসকলৰ প্ৰথম গুৰু গুৰু নানকে জীৱনৰ 18 বছৰ ইয়াত পাৰ কৰিছিল ৷

ABOUT THE AUTHOR

...view details