অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰলৈ পাকিস্তানৰ COVID-19 আক্ৰান্ত সন্ত্ৰাসবাদী প্ৰেৰণ - COVID-19 আক্ৰান্ত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰলৈ পাকিস্তানে প্ৰেৰণ কৰিছে COVID-19 আক্ৰান্ত ৷ এই মন্তব্য জম্মু-কাশ্মীৰৰ আৰক্ষী মহানিৰ্দেশক দিলবাগ সিঙৰ ৷

জম্মু-কাশ্মীৰলৈ পাকিস্তানৰ COVID-19 আক্ৰান্ত সন্ত্ৰাসবাদী প্ৰেৰণ
দিলবাগ সিং

By

Published : Apr 22, 2020, 7:17 PM IST

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : বুধবাৰে জম্মু-কাশ্মীৰৰ আৰক্ষী মহানিৰ্দেশক দিলবাগ সিঙে কয় যে,পাকিস্তানে কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ এতিয়া কৰ'ণা ভাইৰাছ আক্ৰান্ত সন্ত্ৰাসবাদী প্ৰেৰণ কৰিছে ৷ বুধবাৰে পুৱাৰ ভাগত উত্তৰ কাশ্মীৰ গন্দেৰৱাল জিলাৰ কোৱাৰান্টাইন চেন্টাৰসমূহ আৰু মানিগাম আৰক্ষী প্ৰশিক্ষণ স্কুল ভ্ৰমণ কৰে দিলবাগ সিঙে ৷

কোৱাৰান্টাইন চেন্টাৰসমূহত প্ৰয়োজনীয় সা-সুবিধা সম্পৰ্কত পৰ্যালোচনা কৰাৰ লগতে আৰক্ষী মহানিৰ্দেশক গৰাকীয়ে অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা সম্পৰ্কতো এক বৈঠকৰ আয়োজন কৰে ৷ সংবাদ মাধ্য়মৰ কিছু লোকক সিঙে জনাই যে,COVID-19 আক্ৰান্ত সন্ত্ৰাসবাদীক পাকিস্তানে অস্ত্ৰ-শস্ত্ৰসহ জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰিছে ৷

সেয়েহে সিঙে সকলোকে সজাগ হ'বলৈ কোৱাৰ লগতে কয় যে,এনে লোকে যিকোনো স্থানতে গোপনে লুকাই থাকি স্থানীয় লোকৰ মাজত কৰ'ণা ভাইৰাছ সংক্ৰমণ কৰিব পাৰে ৷

উল্লেখ্য যে, শেহতীয়াকৈ কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা কূটাঘাতমূলক ঘটনা বৃদ্ধি পাইছে ৷ কিছুদিন পূৰ্বে কাশ্মীৰৰ ছোপিয়ান জিলাত সুৰক্ষা বাহিনীৰ সৈতে সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল ৷

ABOUT THE AUTHOR

...view details