অসম

assam

ETV Bharat / bharat

7.2 কোটি মাৰ্কিন ডলাৰ ব্যয়েৰে পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলপথ উন্নীতকৰণ প্ৰকল্প পাকিস্তানৰ

চিপিইচিৰ অধীনত পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলৱে' উন্নীতকৰণ প্ৰকল্প অনুমোদন কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ চেন্ট্ৰেল ডেভেলপমেন্ট ৱৰ্কিং পাৰ্টীয়ে দেওবাৰে পাকিস্তান ৰেলৱে'ৰ মেইন লাইন-1ত অনুমোদন জনায় ৷

Pakistan CPEC railway
Pakistan CPEC railway

By

Published : Jun 8, 2020, 5:22 AM IST

নিউজ ডেস্ক, 7 জুন : চীন-পাকিস্তান অৰ্থনৈতিক কৰিড'ৰ চমুকৈ চিপিইচিৰ অধীনত পেচোৱাৰৰ পৰা কৰাচীলৈ কৌশলগতভাৱে 7.2 কোটি মাৰ্কিন ডলাৰৰ ৰেলৱে' উন্নীতকৰণ প্ৰকল্প অনুমোদন কৰিছে পাকিস্তানে ৷ চীনৰ সৈতে অৰ্থনৈতিক আলাপ-আলোচনা কৰাৰ পথ প্ৰশস্ত কৰাৰ বাবেই এই পদক্ষেপ লোৱা বুলি সংবাদ সূত্ৰত প্ৰকাশ পাইছে ৷

চীন-পাকিস্তান অৰ্থনৈতিক কৰিড'ৰৰ দ্বিতীয় পৰ্যায়ত পেচোৱাৰৰ পৰা কৰাচীলৈ 1872 কিলোমিটাৰ ৰেল পথ নিৰ্মাণৰ প্ৰকল্পত অনুমোদনক এক মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে চিপিইপি কৰ্তৃপক্ষৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল আচিম চলিম বাজৱাই ৷

পাকিস্তানৰ চেন্ট্ৰেল ডেভেলপমেন্ট ৱৰ্কিং পাৰ্টীয়ে দেওবাৰে পাকিস্তান ৰেলৱে'ৰ মেইন লাইন-1ত অনুমোদন জনায় ৷ মূল চৰকাৰী সংস্থাই জনোৱা এই অনুমোদনে চীনৰ সৈতে প্ৰকল্পত আৰ্থিক বিনিয়োগ আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰ নিধি চমুকৈ আই এম এফৰ দ্বাৰা বেইজিঙৰ পৰা এটা বৃহৎ ঋণৰ আলাপ-আলোচনাত সহায় কৰিব ৷

পেচোৱাৰৰ পৰা কৰাচীলৈ ৰেলপথ উন্নীতকৰণ প্ৰকল্প পাকিস্তানৰ

পাকিস্তানেও আইএম এফৰ পৰা কিছু শিথিলতা বিচাৰে, বিশ্ব অৰ্থনৈতিক সংস্থাৰ সৈতে যি চুক্তি চলি আছে তাত 7.2 মাৰ্কিন ডলাৰৰ গেৰান্টি দিব পৰা অৱস্থা নাই ৷ চেন্ট্ৰেল ডেভেলপমেন্ট ৱৰ্কিং পাৰ্টীৰ ওচলৈ এই প্ৰকল্প চতুৰ্থ বাৰৰ বাবে আগবঢ়োৱা হৈছে ৷ 2016 চনত প্ৰথমবাৰৰ বাবে এই প্ৰকল্প লাভ কৰিছিল চি ডি ডব্লিউ পিয়ে ৷এই অনুমোদৰ পাচত প্ৰকল্পটো নেশ্যনেল ইকনমিক কাউঞ্চিলৰ কাৰ্যকৰী কমিটীৰ ওচৰলৈ পঠিওৱা হয় ৷ অৱশেষত কেবিনেটে ইয়াত অনুমোদন জনায় ৷

এই প্ৰকল্প সম্পূৰ্ণ হ'লে যাত্ৰীবাহী ৰেলৰ গতি ঘন্টাত 65/110 ৰ পৰা 160 লৈ বৃদ্ধি পাব ৷ প্ৰথম পেকেজত মেইন লাইন-1 2021 চনৰ জানুৱাৰীৰ পৰা 2028 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷ ই সামৰি ল'ব পেচোৱাৰৰ পৰা ৰাৱালপিণ্ডি আৰু লাহোৰলৈ 527 কিলোমিটাৰ দৈঘ্য ৷ দ্বিতীয় পেকেজত মেইন লাইন-1 ৰ কাম 2022 চনৰ জানুৱাৰীৰ পৰা 2026 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷ এই পেকেজত লাহোৰৰ পৰা হায়দৰাবাদলৈ 521 কিলোমিটাৰ দৈঘ্য সামৰি লোৱা হৈছে ৷ তৃতীয় পেকেজত ৰাৱালপিণ্ডি-পেচোৱাৰ আৰু হায়দৰাবাদ-মুলতানৰ মাজত 740 কিলোমিটাৰ দৈঘ্যক সামৰি লোৱা হৈছে ৷

প্ৰথমাৱস্থাত এই প্ৰকল্পৰ বাবে 9.2 কোটি মাৰ্কিন ডলাৰৰ কথা উত্থাপন কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত 2 কোটি মাৰ্কিন ডলাৰ হ্ৰাস কৰা হয় ৷ বিশ্ববেংকে ৰেলপথৰ প্ৰশাসনিক সংস্কাৰৰ সৈতে এই প্ৰকল্পক সামৰি লৈছে আৰু ইয়াৰ সেৱা যাতে ঋণস্থায়ী নহয় ৷

লগতে পঢ়ক :ডাষ্টবিনৰ জাবৰৰ মাজত তেওঁলোকে বিচাৰিছে জীয়াই থকাৰ সমল

ABOUT THE AUTHOR

...view details