নিউজ ডেস্ক, 30 এপ্ৰিলঃ অৱশেষত পাকিস্তানে দেশখনত সন্ত্ৰাসবাদী উপস্থিতি আৰু সন্ত্ৰাসবাদীৰ জন্মস্থান হিচাপে নিজৰ আনুষ্ঠানিক পৰিচয় বিশ্ববাসীৰ আগত দাঙি ধৰিলে ৷ সোমবাৰে দেশখনৰ সেনাৰ জনসংযোগ বিভাগ ( ISPR)ৰ মুখ্য বিষয়া মেজৰ জেনেৰেল আছিফ গফুৰে এক সংবাদমেলযোগে দেশখনত সন্ত্ৰাসবাদী আৰু জেহাদীৰ উপস্থিতিৰ বিষয়টো এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে উল্লেখ কৰে ৷
হয়, আমাৰ দেশত সন্ত্ৰাসবাদীৰ ঘাটি আছেঃ পাকিস্তান - Terrorism in Pakistan
পাকিস্তান সেনাৰ ইন্টাৰ ছাৰ্ভিছেজ পাব্লিক ৰিলেশ্বন বিভাগৰ ডি জি মেজৰ জেনেৰেল আফিছ গফুৰে সংবাদমেলযোগে দেশখনত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ কথা প্ৰকাশ কৰিছে ৷
![হয়, আমাৰ দেশত সন্ত্ৰাসবাদীৰ ঘাটি আছেঃ পাকিস্তান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3147501-98-3147501-1556612674476.jpg)
আৰু পঢ়ক সুনন্দা পুস্কৰ হত্যাকাণ্ডঃ শশী থাৰুৰক আমেৰিকা ভ্ৰমণৰ অনুমতি দিল্লী আদালতৰ
সংবাদমেলযোগে দেশখনে সন্ত্ৰাসবাদৰ বাবে বহু মিলিয়ন ডলাৰ ভৰিব লগা হৈছে বুলি উল্লেখ কৰে ৷ মেজৰ জেনেৰেল গফুৰে কয় যে, সন্ত্ৰাসবাদ নিৰ্মূলকৰণত দেশখনৰ কৰিবলগীয়া বহুখিনি আছে আৰু পাকিস্তান সেনাই ইয়াৰ বাবে কাম কৰি আছে ৷ এইক্ষেত্ৰত নিজৰ চৰাচৰিত স্বভাৱেৰে সন্ত্ৰাসবাদৰ বাবে ভাৰতক জগৰীয়া কৰে মেজৰ জেনেৰেলগৰাকীয়ে ৷ পাষ্টুন টাহাফুজ মুভমেন্ট শীৰ্ষক উগ্ৰবাদী সংগঠনৰ জৰিয়তে ভাৰতৰ চোৰাংচোৱা সংস্থা ৰিছাৰ্চ এণ্ড এনালাইজিং ৱিঙে পাকিস্তানত মানৱ অধিকাৰ ভংগ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷