জম্মু-কাশ্মীৰ, 22 জুন :জম্মু-কাশ্মীৰত সোমবাৰে পুৱা পুনৰ যুদ্ধ বিৰতি উলংঘন কৰে পাক সেনাই ৷ জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সোমবাৰে পুৱা 3.30 বজাত মৰ্টাৰ আৰু সৰু সৰু অস্ত্ৰৰে গোলাবৰ্ষণ কৰে পাক সেনাই । পাক সেনাই পুৱা 5.30 বজাত পুনৰ ৰাজ্যখনৰ ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত গোলাবৰ্ষণ কৰে ৷
জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ - জম্মু-কাশ্মীৰ
পাক সেনাই পুৱা 5.30 বজাত পুনৰ ৰাজ্যখনৰ ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত গোলাবৰ্ষণ কৰে ৷
![জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ Pak violates ceasefire in Krishna Ghati & Nowshera Sector](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7716679-thumbnail-3x2-jk.jpg)
জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ
জম্মু-কাশ্মীৰৰ কৃষ্ণাঘাটী আৰু নৌচেৰাত গোলাবৰ্ষণ পাক সেনাৰ
পাকিস্তানী সেনাৰ গোলাবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই । উল্লেখ্য যে,বিগত মাহত পাক সেনাই ক্ৰমাগতভাবে জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন কৰি আহিছে ৷ পাক সেনাৰ গোলাবৰ্ষণত মাহতোত কেইবাজনো নাগৰিক আহত হোৱাৰ লগতে কৰুণ মৃত্যুক আঁকোৱালি হৈছে ৷
লগতে চাওকঃ বজাৰ অৰ্থনীতি বিবাদত বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত পৰাজিত চীন