নেশ্যনেল ডেস্ক,5 ডিচেম্বৰ: ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে ৷ শনিবাৰে দিনৰ ভাগত আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা ভাৰতৰ সীমান্তৱৰ্তী চকীসমূহলৈ বুলি লক্ষ্য কৰি গোলাবৰ্ষণ কৰে পাকিস্তানী সেনাই ৷ পুঞ্চ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত এই ঘটনা সংঘটিত হয় বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে ৷
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ - ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখা
শনিবাৰে ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন কৰিলে পাকিস্তানে ৷ ভাৰতৰ সীমান্তৱৰ্তী চকীসমূহলৈ গোলাবৰ্ষণ পাকিস্তানী সেনাৰ ৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিয়ন্ত্ৰণৰেখাত পুনৰবাৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ
মৰ্টাৰ আৰু সৰু অস্ত্ৰ প্ৰণালীৰে শনিবাৰে দিনৰ প্ৰায় 11.40 বজাত পুঞ্চ জিলাৰ বালাকোট ছেক্টৰত গুলীচালনা কৰে পাকিস্তানী সেনাই ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰেও পাকিস্তানে কপৱাৰা জিলাৰ কেৰান ছেক্টৰৰ নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘন আৰম্ভ কৰিছিল । ভাৰতীয় সেনাইও এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কথা সদৰি কৰিছে ৷
লগতে পঢ়ক:আজি দিল্লীত কৃষকৰ সৈতে পঞ্চম স্তৰৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী