নিউজ ডেস্ক, ৮ জুনঃ দেওবাৰে পুনৰ যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানী সেনাই । জম্মু-কাশ্মীৰৰ কপুৱাৰাৰ কেৰানত আৰু বাৰমূল্লা জিলাৰ ৰামপুৰ ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখা সীমান্তত (এলঅচি)সীমান্তত দেওবাৰে নিশা গুলীবৰ্ষণ কৰি যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানী সেনাই ।
জম্মু-কাশ্মীৰৰ কপুৱাৰা আৰু বাৰমূল্লাত গুলীবৰ্ষণ পাক সেনাৰ - জম্মু-কাশ্মীৰৰ কপুওয়াৰা আৰু বাৰমুল্লা
পুনৰ পাকিস্তানী সেনাৰ যুদ্ধ বিৰতি উলংঘন । দেওবাৰে ৰাতি জম্মু-কাশ্মীৰৰ কপুৱাৰা আৰু বাৰমুল্লাত গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই ।
![জম্মু-কাশ্মীৰৰ কপুৱাৰা আৰু বাৰমূল্লাত গুলীবৰ্ষণ পাক সেনাৰ জম্মু-কাশ্মীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7523680-980-7523680-1591600496233.jpg)
জম্মু-কাশ্মীৰৰ কপুওয়াৰা আৰু বাৰমুল্লাত গুলীবৰ্ষণ পাক সেনাৰ
দেওবাৰে নিশা প্ৰায় ১১ বজাত কপুৱাৰা জিলাত গুলীবৰ্ষণ কৰাৰ বিপৰীতে ১২:৪০ মিনিটত বাৰমুল্লাত গুলীবৰ্ষণ কৰে পাকিস্তানে । আনহাতে, পাকিস্তানক প্ৰত্যুৎত্তৰ দিবলৈ ভাৰতীয় সেনাই আৰম্ভ কৰিছে প্ৰস্তুতি ।