নিউজ ডেস্ক, 20 মে': জম্মু কাশ্মীৰৰ LoC ৰ বালাকোট চেক্টৰত নিশা 10 বজাত গোলাবৰ্ষণ কৰে পাক সেনাই । পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘাৰ কথা প্ৰকাশ কৰে আৰক্ষীয়ে । পাকিস্তানে মঙলবাৰে নিশাৰ ভাগত লঘু অস্ত্ৰৰ লগতে মৰ্টাৰেৰে চেক্টৰটোত গোলাবৰ্ষণ কৰে । ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিয়া বুলি জানিব পৰা গৈছে ৷
বালাকোট চেক্টৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা - জম্মু-কাশ্মীৰৰ LoC
বিগত কিছু দিনত জম্মু-কাশ্মীৰৰ LoCত সঘনাই যুদ্ধবিৰতি উলংঘা কৰি আহিছে পাকিস্তানে । মঙলবাৰেও লঘু অস্ত্ৰৰ লগতে মৰ্টাৰেৰে গোলাবৰ্ষণ কৰে LoC ৰ বালাকোট চেক্টৰত ।
![বালাকোট চেক্টৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা বালাকোট চেক্টৰত পাক সেনাৰ গোলাবৰ্ষণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7267204-861-7267204-1589909893861.jpg)
বালাকোট চেক্টৰত পাক সেনাৰ গোলাবৰ্ষণ
বিগত কিছু দিনত জম্মু-কাশ্মীৰৰ LoCত সঘনাই যুদ্ধবিৰতি উলংঘা কৰি আহিছে পাকিস্তানে । সোমবাৰে সন্ধিয়াও পাক সেনাই মৰ্টাৰ আৰু লঘু অস্ত্ৰৰে গোলাবৰ্ষণ কৰি যুদ্ধবিৰতি উলংঘা কৰিছিল । ইয়াৰ উপৰিও সোমবাৰৰ নিশা ৰাজৌৰি জিলাৰ সুন্দৰবেনী চেক্টৰটো গোলাবৰ্ষণ কৰিছিল পাক সেনাই ।