অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ সুন্দৰবাণী চেক্টৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ - জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ সুন্দৰবাণী চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখা

১৪ জুনতো জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনাক উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল পাকিস্তানে। পাক সেনাৰ আক্ৰমণত নিহত হৈছিল এজন ভাৰতীয় সেনা।

ceasefire
Pak violates ceasefire along LoC in Rajouri's Sunderbani sector

By

Published : Jun 15, 2020, 8:22 PM IST

নিউজ ডেস্ক, ১৫ জুনঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ সুন্দৰবাণী চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সোমবাৰে পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে। সেনাৰ সূত্ৰই সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দিনৰ প্ৰায় ২.৩০ বজাত যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে। ভাৰতীয় সেনায়ো যুদ্ধবিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিয়ে পাকিস্তানক।

উল্লেখ্য যে, ১৪ জুনতো জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনাৰ উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল পাকিস্তানে। পাক সেনাৰ আক্ৰমণত নিহত হৈছিল এজন ভাৰতীয় সেনা। বিগত কেইবাসপ্তাহ ধৰি জম্মু-কাশ্মীৰ সীমান্তৰ লগতে, নিয়ন্ত্ৰণ ৰেখাৰ সমীপত থকা গাঁওসমূহত আক্ৰমণ অব্যাহত ৰাখিছে পাক সেনাই।

লগতে পঢ়ক :
অসমান দূৰ শিক্ষণ ব্যৱস্থাই বৃদ্ধি কৰিছে শিক্ষাৰ সমস্যা

ABOUT THE AUTHOR

...view details