অসম

assam

ETV Bharat / bharat

যুদ্ধবিৰতি উলংঘন কৰি পুনৰ পাক সেনাৰ আক্ৰমণ

শনিবাৰে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত পাক সেনাৰ আক্ৰমণ। পুনৰ যুদ্ধবিৰতি উলংঘন কৰি জিলাখনৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী জনবসতিপূৰ্ণ অঞ্চল আৰু ভাৰতীয় সেনাৰ চাউনীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ পাক সেনাৰ। চলিত মাহত ৬২ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে পাকিস্তানে।

যুদ্ধবিৰতি উলংঘন কৰি পুনৰ পাক সেনাৰ আক্ৰমণ
যুদ্ধবিৰতি উলংঘন কৰি পুনৰ পাক সেনাৰ আক্ৰমণ

By

Published : Oct 17, 2020, 6:09 PM IST

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ: জম্মু-কাশ্মীৰৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী অঞ্চল আৰু ভাৰতীয় সেনাৰ চাউনীলৈ লক্ষ্য কৰি গুলীচালনা পাক সেনাৰ। শনিবাৰে পুনৰ যুদ্ধবিৰতি উলংঘন কৰি কঠুৱা জিলাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তত আক্ৰমণ কৰে। পাক সেনাৰ আক্ৰমণত আহত হয় মন্যাৰী গাঁৱৰ এজন লোক। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, পঞ্চাৰ-মন্যাৰী অঞ্চলত শুক্ৰবাৰে পুৱা ৯.১৫বজাৰ পৰা গুলীচালনা আৰম্ভ হয় আৰু ওৰে ৰাতি গুলীয়াগুলি অব্যাহত থাকে।

সেয়ে, বহু লোকে মাটিৰ তলত থকা বাংকাৰত আশ্ৰয় লৈ থাকে। বাংকাৰৰ সুৰক্ষাৰ দায়িত্বত থকা সীমা সুৰক্ষা বলৰ জোৱানেও পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে। বৰ্তমানলৈকে ভাৰতীয় সেনা হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও এজন নাপিতৰ দোকানৰ ক্ষয়-ক্ষতি হয়। দুয়োপক্ষৰ মাজত গুলীয়াগুলি শনিবাৰে পুৱা ৫.৫৫বজাত অন্ত পৰে। মন্যাৰী গাঁৱৰ এগৰাকী ৪৮বছৰীয়া লোকো সামান্যভাৱে আহত হয়।

সেনা বিষয়াই প্ৰকাশ কৰা তথ্য মতে, ২০১৯ চনত ৩,১৬৮ বাৰ পাকিস্তানে কৰা আক্ৰমণৰ তুলনাত এই বৰ্ষত যোৱা ৬ অক্টোবৰ পৰ্যন্ত নিয়ন্ত্ৰণ ৰেখা আৰু আন্ত:ৰাষ্ট্ৰীয় সীমান্তত ৩,৫৮৯ বাৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে পাক সেনাই। ছেপ্টেম্বৰ মাহত আটাইতকৈ বেছি ৪২৭ বাৰ আক্ৰমণ কৰিছে। মাৰ্চ মাহত ৪১১ বাৰ আৰু আগষ্ট মাহত ৪০৮ বাৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে পাকিস্তানে। চলিত মাহতে যুদ্ধবিৰতি উলংঘন কৰিছে ৬২ বাৰ ।

লগতে পঢ়ক:পিলিভিটত ভয়ংকৰ পথ দুৰ্ঘটনা : মৃতকৰ সংখ্যা 9 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details