অসম

assam

ETV Bharat / bharat

কুলভূষণ যাদৱ গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত পুনৰ মুখ ঠেকেচা পাকিস্তানৰ - কুলভূষণ যাদৱৰ মৃত্যুদণ্ডৰ ৰায়দানৰ বিষয়

কুলভূষণ যাদৱ গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত পুনৰ মুখ ঠেকেচা পাকিস্তানৰ ৷ ন্যায়াধীশ আব্দুলকবী য়ুছুফৰ মন্তব্য -পাকিস্তানে উলংঘা কৰিছে ভিয়ানা চুক্তিৰ বাধ্য বাধকতা ৷

কুলভূষণ যাদৱ ফাইল ফটো

By

Published : Oct 31, 2019, 4:41 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰঃকুলভূষণ যাদৱ গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত পুনৰ মুখ ঠেকেচা পাকিস্তানৰ ৷ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিচাৰপ্ৰক্ৰিয়াত ন্যায়াধীশ আব্দুলকবী য়ুছুফৰ মন্তব্য -পাকিস্তানে উলংঘা কৰিছে ভিয়ানা চুক্তিৰ বাধ্য বাধকতা ৷

য়ুছুফে বিগত 17 জুলাইত দিয়া ৰায়দান সন্দৰ্ভত কয় যে, পাকিস্তানে ভিয়ানা চুক্তিৰ নিৰ্দেশনা অনুসৰি 36 নং দফাৰ কৰ্তব্যৰ উলংঘা কৰিছে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত পাকিস্তানে কোনো ধৰণৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই ৷ কুলভূষণ যাদৱৰ মৃত্যুদণ্ডৰ ৰায়দানৰ বিষয়টো পাকিস্তানক পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ৷

লগতে পঢ়ক শিৱসেনাৰ একনাথ সিন্দে বিধায়নী দলৰ নেতা নিৰ্বাচিত

উল্লেখ্য যে, কুলভূষণ যাদৱ নৌ-সেনাৰ এগৰাকী অধিকাৰী আছিল ৷ পাকিস্তানত সন্ত্ৰাসবাদ আৰু চোৰাংচোৱা গিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল কুলভূষণ যাদৱ ৷ ইয়াৰ পাচতেই ভাৰতীয় নৌ-সেনা বিষয়াগৰাকীৰ মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল পাকিস্তান ন্যায়ালয়ে ৷ পাকিস্তানে যাদৱ গোচৰৰ ট্ৰায়ল 2017 চনতে বন্ধ কৰি দিছিল ৷

ABOUT THE AUTHOR

...view details